ভাৰতৰ সকলো মানুহে ভাত খাই ভাল পায়৷ ভাত অবিহনে যেন দিনটোৰ খাদ্য অসম্পূৰ্ণ৷ কিন্তু যেতিয়া ওজন বৃদ্ধিৰ কথা আহে, তেতিয়া বহুতেই ওজন বৃদ্ধিৰ প্ৰধান কাৰণ ভাত বুলিয়েই ধৰি লয়৷ ওজন হ্ৰাসৰ বাবে যেতিয়া ডায়েট অনুসৰণ কৰা হয়, তেতিয়া প্ৰায়ভাগেই পোনপ্ৰথমে ভাতক খাদ্য তালিকাৰ পৰা বাদ দিয়ে৷ কিন্তু গৱেষকৰ মতে যদি ভাত সঠিক সময় আৰু সঠিক নিয়মত খোৱা হয়, তেন্তে ই পেটৰ চৰ্বি বৃদ্ধিৰ ওপৰত কোনোধৰণৰ বিৰূপ প্ৰভাৱ নেপেলায়৷ তেন্তে জানো আহক কি এই নিয়ম৷
(১) গৱেষকৰ মতে লান্সত ভাত খোৱাটো স্বাস্থ্যৰ পক্ষে উপকাৰী৷ কিয়নো দিনৰ সময়ত আমাৰ শৰীৰত মেটাবলিজম বৃদ্ধি হৈ থাকে৷ যাৰ ফলত শৰীৰে ভাত সোনকালে হজম কৰি কেলৰি বাৰ্ন হোৱাত সহায় কৰে৷
(২) যদিও ভাতত কাৰ্বহাইড্ৰেট থাকে, কিন্তু ইয়াক সহজে হজম কৰিব পাৰি,লগতে ভাতত কম চৰ্বি থাকে৷ সেয়েহে ভাত খোৱাৰ পাছতো মানুহৰ সোনকালে ভোক লাগে৷ এনে সময়ত মানুহে ভোক নিবাৰণৰ বাবে বিভিন্ন ধৰণৰ জাংক ফুড গ্ৰহণ কৰে৷ যাৰ ফলত শৰীৰত চৰ্বি বৃদ্ধি হয়৷ সেয়েহে ভাতৰ লগত প্ৰচুৰ পৰিমাণে ফাইবাৰ বা শস্যজাতীয় খাদ্যসমূহ যেনে– বিন, সেউজীয়া শাক-পাচলি, ব্ৰকলি আদি খোৱা উচিত৷ যিয়ে আপোনাৰ বহু দেৰিলৈ পেট ভৰ্তি হৈ থকা অনুভৱ কৰাই অত্যধিক খোৱাৰ পৰা দূৰত ৰাখে৷ যিয়ে ওজন হ্ৰাস কৰাত সহায় কৰে৷
(৩) ভাতক ভাজি খোৱাৰ পৰিৱৰ্তে সিজাই খালে কেলৰিৰ মাত্ৰা হ্ৰাস পায়৷
(8) ওজন হ্ৰাসৰ ক্ষেত্ৰত বগা ভাততকৈ ব্ৰাউন ৰাইচ বেছি ফলদায়ক৷ কিয়নো ব্ৰাউন ৰাইচত কম কেলৰি থাকে, যিয়ে ওজন হ্ৰাস কৰাত সহায় কৰে৷ ইয়াৰ বাহিৰেও ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ পোৱা যায়, যিয়ে মেটাবলিজমৰ গতি উন্নত হোৱাত সহায় কৰে৷
(৫) আপুনি যদি সোনকালে ওজন হ্ৰাস কৰিবলৈ বিচাৰিছে, তেন্তে দৈনিক ৫০-১৫০ গ্ৰাম কাৰ্বহাইড্ৰেট গ্ৰহণ কৰা উচিত৷ কিন্তু একেবাৰে ভাত ডায়েটৰ পৰা বাদ দিয়াটো উচিত নহয়৷