আমেৰিকাৰ এজন ব্যক্তিয়ে এক অভিনৱ ধৰণৰ বাইক সাজি উলিয়াইছে৷ সাধাৰণতে বাইক চলাবলৈ পেট্ৰল-ডিজেলৰ প্ৰয়োজন হয় যদিও এই বাইকখন চলাবলৈ পেট্ৰল-ডিজেলৰ প্ৰয়োজন নাই৷ বিয়েৰৰ সহায়ত এই বাইকখন চলিব৷ এই বাইকখন সাজি উলিয়াইছে কী মাইকেলছন নামৰ এজন লোকে৷ ইয়াৰ আগতে তেওঁ কেইবাবাটাও আৱিষ্কাৰ কৰিছিল যদিও বাইকৰ ক্ষেত্ৰত এয়া নতুন আৱিষ্কাৰ৷ তেওঁৰ এই নতুন বাইকখনত হিটিং কইলৰ সৈতে এটা ১৪ গেলনৰ পিপা আছে৷ মাইকেলছনে জনোৱা মতে এই কইলে বিয়েৰক ৩০০ ডিগ্ৰী ছেলচিয়াছ পৰ্যন্ত গৰম কৰে৷ ইয়াৰ পাছত নজলেৰে অতি গৰম বাষ্প বাহিৰ হ’বলৈ ধৰে আৰু ইয়াৰ লগে লগে বাইকখন চলিবলৈ আৰম্ভ কৰে৷ বাইক আৱিষ্কাৰৰ প্ৰসংগত তেওঁ কয় যে গেছ দাম বৃদ্ধি পোৱা হেতু লগতে তেওঁ যিহেতু সুৰা পান নকৰে, সেয়েহে বিয়েৰক ইন্ধন হিচাপে ব্যৱহাৰ কৰাটো উত্তম বুলি ভাবিলে৷ মাইকেলছনৰ মতে এই বাইকখন ঘণ্টাত ২৪০ কিলোমিটাৰ বেগত যাব পাৰে৷ অৱশ্যে বাইকখনৰ সম্পূৰ্ণ পৰীক্ষা এতিয়াও শেষ হোৱা নাই৷