আমাৰ প্ৰাণীৰ যিদৰে সংবেদনশীলতা আছে, ঠিক একেদৰে উদ্ভিদৰো সংবেদনশীলতা আছে৷ আহাৰ, পানী নাখালে আমাৰ শৰীৰে যেনেধৰণৰ ক্ৰিয়া কৰে, ভোগত থাকিব নোৱাৰি ছটফটনি, আৰ্তনাদ, চিঞৰ-বাখৰ আদি ক্ৰিয়া কৰোঁ, ঠিক একেদৰে পানী বা উদ্ভিদক লাগতিয়াল খাদ্য নাপালে উদ্ভিদেও চিঞৰিবলৈ ধৰে৷ এক কথাত ক’বলৈ গ’লে আৱশ্যকীয় পানী আহাৰ নাপালে গছেও শব্দৰ সৃষ্টি কৰে৷ গছ-গছনিক পানীৰ আৱশ্যক হ’লে মানুহে যাতে শুনে তাৰ বাবে গছেও চিঞৰে৷ ছেল নামৰ এখন বাৰ্তালোচনীত প্ৰকাশিত এখন প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে৷ ইয়াত বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি উদ্ভিদেও অনুভূতি প্ৰকাশ কৰে৷ উদ্ভিদে পানী নাপালে অৰ্থাৎ শুষ্ক অৱস্থাত দীঘলীয়া সময় থাকিলে অথবা ডাল-পাত কাটিলে উদ্ভিদে বায়ু পৰিবাহিত ধবনিৰ সৃষ্টি কৰে৷ টেল আভিভ বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞসকলে কৰা গৱেষণাত এই তথ্য প্ৰকাশ পাইছে৷ তেওঁলোকৰ মতে বিলাহী আৰু ধঁপাত গছে পৰস্পৰৰ মাজত কথা পাতে৷ বিজ্ঞানীসকলৰ মতে উদ্ভিদ একপ্ৰকাৰ একেটা স্থানতে থকা জীৱ৷ উদ্ভিদে সৃষ্টি কৰা পৰিবাহিত এই ধবনি আলট্ৰাছনিক, যিবিলাক ২০-১০০ কিলোহাৰ্টজৰ ভিতৰত৷ সেয়েহে এইবিলাক শব্দ মানুহৰ কাণেৰে শুনা নাপায়৷ উদ্ভিদে বহু সময় ধৰি পানী নাপালে অথাৰ্ৎ শুকান অৱস্থাত থকাৰ দৰে উদ্ভিদে আন স্থানলৈ যাব নোৱাৰিলেও জটিল জৈৱ ৰাসায়নিক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷