জাপানৰ হোকাইডো দ্বীপৰ বৰফময় টোকাচি অঞ্চলৰ অটোফিউক নামৰ ঠাইৰ এখন ফাৰ্মত নাকাগাৱা নামৰ এজন খেতিয়কে ২০১১ চনৰ পৰা এবিধ আমৰ খেতি কৰি আহিছে৷ আচৰিত যেন লাগিলেও সঁচা যে এই বাগানৰ এটা আমৰ দাম ২৩০ ডলাৰ অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত ১৯ হাজাৰ টকা৷ উল্লেখ্য যে হোকাইডো জাপানৰ একেবাৰে উত্তৰৰ দ্বীপ৷ ডিচেম্বৰৰ ইয়াত তাপমাত্ৰা মাইনাছ আঠ ডিগ্ৰী ছেলচিয়াছলৈ নামে৷ কিন্তু নাকাগাৱাৰ এই গ্ৰীন হাউছ ফাৰ্মখনৰ ভিতৰৰ তাপমাত্ৰা প্ৰায় ৩৬ ডিগ্ৰী ছেলচিয়াছ৷ ২০১১ চনৰ যেতিয়া তেওঁ এই আমৰ খেতি আৰম্ভ কৰিছিল তেতিয়া তেওঁ কেতিয়াও ভবা নাছিল যে তেওঁ বাগানৰ আমগছৰ পৰাই পৃথিৱীৰ আটাইতকৈ দামী আম উৎপাদন হ’ব৷ এই প্ৰসংগত নাকাগাৱা নামৰ খেতিয়কজনে কয় যে প্ৰথমে তেওঁক কোনেও গুৰুত্বই দিয়া নাছিল৷ ইয়াৰ আগতে তেওঁ এটা পেট্ৰল কোম্পানীত কাম কৰিছিল৷ পাছলৈ সেই সকলোবোৰ বাদ দি আম খেতিত মনোনিৱেশ কৰে৷ তাৰ পৰা আম উৎপাদনৰ আৰম্ভ হয়৷ তেওঁ এই আমবোৰক হাকুজিন নো টায়ো নামে নামকৰণ কৰে আৰু ট্ৰেডমাৰ্ক লাভ কৰে৷ এই নামটোৰ অৰ্থ হৈছে বৰফৰ সূৰ্য৷ তেওঁ জনোৱা মতে ফাৰ্মখনৰ পৰা এটা ঋতুত প্ৰায় পাঁচ হাজাৰ আম উৎপাজন কৰে৷ তেওঁৰ এই আম খেতিৰ কৌশলত এতিয়া সকলোৱে বিস্ময় মানিছে৷