আঙুলিৰ টিপতে ক’লা দাগ কেনেকৈ আঁতৰাব?

0
3601

এখন সুন্দৰ উজ্জ্বল তথা দাগবিহীন ছালৰ গৰাকী হ’বলৈনো কোনে নিবিচাৰে৷ প্ৰত্যেকগৰাকী ব্যক্তিয়েই বিশেষকৈ মহিলাসকল নিজৰ ছালখনক লৈ ইমানেই সচেতন হয় যে ইয়াৰ বাবে তেওঁলোকে কত কি যে ব্যৱহাৰ কৰে হিচাপ নাই আৰু কছমেটিকৰ দোকান তথা ফাৰ্মাচীবোৰতো বহু আগৰে পৰাই এনেধৰণৰ দাগ গুচোৱা মলম, তেল আদিৰ যোগান ধৰি অহা হৈছে৷

কিন্তু আজি আমি আপোনালোকক এনেকুৱা এবিধ দাগ গুচোৱা পদ্ধতিৰ বিষয়ে ক’ম, যাৰ বাবদ আপুনি কোনো মূল্য পৰিশোধ নকৰাকৈয়ে আঙুলিৰ টিপত দাগ গুচাব পাৰিব৷ 

হয়, ঠিকেই শুনিছে।এই পদ্ধতিটো হৈছে Massaging বা আক্ৰান্ত অংশত মালিচ কৰা৷ যিকোনো ধৰণৰ ক’লা দাগত যদি আপুনি কিছুুদিন আঙুলিৰে দিনত অলপ সময়ৰ কাৰণে হ’লেও মোহাৰে, তেন্তে ই সহজে দূৰ হোৱাত সহায়ক হয়৷ এনেদৰে মোহাৰাৰ ফলত তাত অত্যধিক ক’লাজেন বৃদ্ধি হোৱাত বাধা প্ৰদান কৰে, যিয়ে ক’লা দাগ বেছি উজ্জ্বল হোৱাত সহায় কৰে৷

Verywell Health“-ৰ এটা লেখাত Physical Therapist, Brett Sears-এ ক’লা দাগ আঁতৰাবলৈ পৰামৰ্শ দিছিল যে এটা বা দুটা আঙুলিৰে দিনত অলপ সময়ৰ বাবে ক’লা দাগৰ ওপৰত মোহাৰিলে ছালৰ ক’লাজেন ফাইবাৰসমূহ সঠিকভাৱে শ্ৰেণীবদ্ধ হোৱাত সহায়ক হয়৷ ফলস্বৰূপে কোনোধৰণৰ মূল্য পৰিশোধ নকৰাকৈয়ে আপুনি আপোনাৰ ছালখন সুন্দৰ দাগবিহীন কৰি ৰাখিব পাৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here