আগতে পৃথিৱীত অক্সিজেন নাছিল, কিন্তু অক্সিজেন আহিল কেনেকৈ ?

0
61

প্ৰাণী জীয়াই থাকিবলৈ অক্সিজেন লাগিবই৷ অক্সিজেন অবিহনে কোনো প্ৰাণীয়ে এই পৃথিৱীৰ জীয়াই থকাটো সম্ভৱ নহয়৷ কিন্তু জীৱৰ প্ৰাণৰ মূল উপাদান এই অক্সিজেন পৃথিৱীত প্ৰথমে আছিলনে বা কেনেকৈ সৃষ্টি হ’ব প্ৰাণীকুলৰ ত্ৰাণকৰ্তা এই অক্সিজেনৰ৷ গৱেষকে সদৰী কৰা মতে প্ৰাণীৰ প্ৰাণৰ মূল চৰ্ত অক্সিজেন এই পৃথিৱীৰ প্ৰায় নাছিলেই৷ তেতিয়াহ’লে কেতিয়াৰ পৰা এই ৰহস্যৰ সমাধান কৰিলে বিজ্ঞানীয়ে৷ ৫০০ মিলিয়ন বছৰ আগৰ কথা৷ সাধাৰণ ভাষাত ক’বলৈ হ’লে ৫০ কোটি বছৰ আগতে এই পৃথিৱী আছিল ঠিকেই, কিন্তু তাত অক্সিজেনৰ পৰিমাণ আছিল নামমাত্ৰ৷ সেই সময়ত মূল আছিল কাৰ্বন-ডাই-অক্সাইড৷ যি গেছ প্ৰাণীৰ অস্তিত্বত কোনো কাৰ্যকৰী ভূমিকা নকৰি জীৱৰ অস্তিত্বৰ প্ৰতিহে ভাবুকিহে আনিছিল৷ কিয়নো অক্সিজেন অবিহনে জীৱ জীয়াই থকাটো একেবাৰে সম্ভৱ নহয়৷ যাৰ ফলত সেই সময়ত পৃথিৱীৰ বুকুত প্ৰাণীৰ অস্তিত্বৰ বাবে একেবাৰে সুবিধাজনক নাছিল৷ তাৰ পাছত ৫০ কোটি বছৰৰ মাজত সকলো এনেদৰে সলনি গ’ল কিদৰে? এইবাৰ সেই ৰহস্যৰ ভেদ ভাঙিলে বিজ্ঞানীয়ে৷ চাইৰাকিউছ বিশ্ববিদ্যালয়, অক্সফৰ্ড বিশ্ববিদ্যালয় তথা ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাত এই ৰহস্যৰ সমাধান সন্মুখলৈ আহিছে৷ বিজ্ঞানীয়ে জনাইছে যে ৫০ কোটি বছৰ ধৰি পৃথিৱীৰ বায়ুমণ্ডল, মহাসমুদ্ৰ আৰু জীৱ লৈ একেলগে পৃথিৱীক প্ৰাণীৰ বাসযোগ্য কৰি তুলিছিল৷ লগতে জনা গৈছে যে গোটেই পৃথিৱীৰ ব্যাপী আছিল প্ৰচুৰ পৰিমাণৰ কাৰ্বন-ডাই-অক্সাইড৷ অক্সিজেনৰ অৱস্থিতি নাছিল বুলিয়েই ক’ব লাগিব৷ সেই সময়ত মহাসমুদ্ৰৰ শৈবালে এক গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰে৷ শৈবালে বতাহৰ জৰিয়তে কাৰ্বন-ডাই-অক্সাইড শোষণ কৰে৷ সালোক সংশ্লেষণ পদ্ধতিৰ মানি বতাহৰ পৰা কাৰ্বন-ডাই-অক্সাইড যিমানে শোষণ কৰে, সিমানেই বতাহে বায়ুমণ্ডললৈ অক্সিজেন এৰি দিয়ে৷ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ক্ৰমে প্ৰাণৰ সঞ্চাৰ হ’বলৈ ধৰে৷ আগতে যি প্ৰাণী আছিল সেইবোৰ পৰিৱৰ্তন ঘটি নতুনত্ব লাভ কৰে৷ কাৰণ অক্সিজেনৰ হাৰ বঢ়াৰ পাছত সমুদ্ৰৰ পানীত কিছুমান ৰাসায়নিক পৰিৱৰ্তন ঘটিবলৈ আৰম্ভ কৰে৷ যি আমাৰ প্ৰাণীজগতৰ বাবে মানি লোৱা সহজ নাছিল৷ ক্ৰমে ক্ৰমে অৱশ্যে সালোক সংশ্লেষণ পদ্ধতিৰ জৰিয়তে মহাসমুদ্ৰৰ সহায় লৈ বহাহে অক্সিজেনৰ পৰিমাণ বঢ়াই তোলে আৰু প্ৰাণীৰ বাসপোযোগী পৰিৱেশ ৰচনা কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here