আই এম ডিৰ ঘোষণা : উত্তৰ ভাৰতত দিনৰ উষ্ণতা স্বাভাৱিকতকৈ বেছি হ’ব

0
1994

ভাৰতীয় বতৰ বিজ্ঞান বিভাগ চমুকৈ আই এম ডিয়ে গ্ৰীষ্মকালৰ বাবে ইয়াৰ আগলি বতৰা দি কয় যে এপ্ৰিলৰ পৰা জুনলৈ উত্তৰ আৰু পূব ভাৰতত দিনৰ ভাগৰ উষ্ণতা স্বাভাৱিক অৱস্থাতকৈ ওপৰত থকাৰ সম্ভাৱনা আছে৷ আই এম ডিয়ে কয় যে দক্ষিণ ভাৰতৰ অধিকাংশ ঠাই, পূব ভাৰত, উত্তৰ-পূব আৰু একেবাৰে উত্তৰ ভাৰতত ঋতুকালীন স্বাভাৱিক সৰ্বোচ্ছ তাপমাত্ৰা স্বাভাৱিক অৱস্থাতকৈ কম হোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে মাৰ্চত দেশখনৰ ভালেমান অংশত তাপমাত্ৰা ৪০ ডিগ্ৰী চেলচিয়াছৰ ওপৰলৈ উঠে৷ এইটো আই এম ডিৰ গ্ৰীষ্মকালৰ বাবে দ্বিতীয়টো আগলি বতৰা৷ ইয়াৰ আগেয়ে আই এম ডিয়ে মাৰ্চৰ পৰা মে’ৰ আগলি বতৰা দিছিল৷ বিভাগটোৱে কৈছিল যে মাৰ্চৰ পৰা মে’লৈ উত্তৰ, উত্তৰ পূব, পূব আৰু পশ্চিম ভাৰতৰ কিছুমান অংশত দিনৰ ভাগত তাপমাত্ৰা স্বাভাৱিকতকৈ ওপৰত থকাৰ সম্ভাৱনা আছে৷ অৱশ্যে দক্ষিণ আৰু মধ্য ভাৰতৰ তাপমাত্ৰা স্বাভাৱিক অৱস্থাতকৈ তলত থকাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here