অৱৰুদ্ধ সিৰাৰ স্বাস্থ্যৰ বাবে অধোমুখী স্বনাসন কৰক

0
2

অৱৰুদ্ধ সিৰাবোৰৰ কাৰণে যোগব্যায়াম কৰাটো অতি জৰুৰী৷ সিৰাবোৰৰ অৱৰোধ খুলিবলৈ তথা সিৰাৰ স্বাস্থ্যৰ কাৰণে নিয়মিতভাৰে কিছুমান যোগাসন কৰিব পাৰে৷ আমি সকলোৱে জানো যে শৰীৰৰ সিৰাবোৰৰ মূল কাম হ’ল শৰীৰৰ সমস্ত অংশলৈ তেজ তথা প্ৰয়োজনীয় পুুষ্টি সৰবৰাহ কৰা৷ এনে ধৰণৰ অৱস্থাত স্নায়ুৰ কোনোধৰণৰ সমস্যা হ’লে শৰীৰৰ বিভিন্ন অংশ ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ কিন্তু সিৰাৰ ব্লকেজৰ সমস্যা সৃষ্টি হয় অপুষ্টিকৰ খাদ্য খোৱা, শৰীৰত পুষ্টিৰ অভাৱ, সঠিক মাত্ৰাত ব্যায়ামৰ অভাৱ বা ধূমপানৰ অভ্যাসৰ কাৰণে৷ সিৰাৰ সমস্যাই দেখা দিলে পেশীৰ বিষ, ক্ৰাম্প বা অসাৰতাৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ সিৰাৰ ব্লকেজৰ কাৰণে বিভিন্ন গুৰুতৰ স্বাস্থ্য জনিত সমস্যাও দেখা দিব পাৰে৷ এনে পৰিস্থিতিত সিৰাৰ ব্লকেজ দূৰ কৰিবলৈ যোগব্যায়ামৰ অভ্যাস কৰিব পাৰে৷ তাৰ ভিতৰত অধমুখী স্বনাসন অন্যতম৷ অধমুখী স্বনাসন কৰিলে সিৰা মজবুত তথা সিৰাৰ শক্তিশালী হৈ কাৰ্যক্ষমতা বৃদ্ধি পায়৷ সিৰাৰ যিকোনো সমস্যাৰ সমাধান এই আসনে কৰিব পাৰে৷
কিদৰে কৰিব অধোমুখী স্বনাসন ঃ- এই আসন কৰিবলৈ প্ৰথমে মাটিত বহি ল’ব৷ তাৰ পাছত ভৰি দুখন পিছুৱাই নি সম্পূৰ্ণ তলুৱা সমান কৰি ৰাখক আৰু মানুহজন উঠাৰ দৰে কৰি গাত দুখনত ভেঁজা দি কঁকালৰ অংশটো ক্ৰমে দাঙি ধৰক৷ এনে অৱস্থাত মূৰটো মাটিত লগাই দিব আৰু হাত দুখন আগলৈ মেলি দি মূৰত শৰীৰৰ ভৰ দিব৷ অৰ্থাৎ এই সময়ত শৰীৰৰ ভৰ ভৰি আৰু মূৰটোৱে ল’ব৷ এনে অৱস্থাত লক্ষ্য কৰিব নিতম্ব যাতে একেবাৰে শীৰ্ষত উঠে অৰ্থাৎ আপোনাৰ শৰীৰৰ মাজ অংশটো মাটিৰ ওপৰত থাকিব আৰু মূৰ আৰু ভৰি মাটিত স্পৰ্শ কৰি শৰীৰটো কণ্ট্ৰল কৰি ৰাখিব৷ এইদৰে কিছু সময় থকাৰ পাছত পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here