অৰুণাচল প্ৰদেশত ইউৰেনিয়ামৰ সন্ধান লাভ

0
1601

অৰুণাচল প্ৰদেশত চীন সীমান্তৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ নিলগত ভাৰতে ইউৰেনিয়ামৰ এটা বৃহৎ ভাণ্ডাৰ থকাৰ তথ্য লাভ কৰিছে৷ এতিয়া বিজ্ঞানীসকলে পশ্চিম ছিয়াং জিলাৰ উক্ত অঞ্চলটোত ইউৰেনিয়ামৰ সন্ধানত অভিযান আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে৷ অঞ্চলটোত ইউৰেনিয়ামৰ সন্ধানত খনন আৰম্ভ কৰা বুলি প্ৰকাশ কৰি চৰকাৰী সূত্ৰই কয় যে খননত ইতিবাচক ইংগিত পোৱা গৈছে৷ বিষয়াসকলৰ মতে, দেশত প্ৰথমবাৰৰ বাবে ইউৰেনিয়ামৰ ভাণ্ডাৰৰ অন্বেষণৰ বাবে কোনো এটা অঞ্চল সংৰক্ষিত কৰা হৈছে৷ পাৰমাণৱিক খনিজ সঞ্চালকালয়, অন্বেষণ আৰু গৱেষণাৰ সঞ্চালক ড॰ ডি কে সিন্‌হাই অলপতে এই বিষয়ে প্ৰকাশ কৰি কয় যে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ পৰা উদগনি লাভ কৰিছে আৰু ইউৰেনিয়াম অন্বেষণ আৰম্ভ কৰা হৈছে৷ তেওঁ লগতে কয় যে অঞ্চলটো পাহাৰীয়া হোৱাৰ বাবে যাতায়াতৰ সমস্যা আছিল আৰু সেয়েহে তাত ইউৰেনিয়ামৰ অন্বেষণ কৰাৰ কোনো সম্ভাৱনা নাছিল৷ কিন্তু তেওঁলোকৰ দল খোজকাঢ়ি পাহাৰ বগাই ভাৰত-চীন সীমান্তৰ একেবাৰে কাষত থকা মেছুকা উপত্যকাৰ এলোত উপস্থিত হয়৷ তেওঁ জনোৱা মতে, এইপৰ্যন্ত ইতিবাচক ইংগিতেই পোৱা গৈছে আৰু ভৱিষ্যতে অঞ্চলটোত অনুসন্ধান অব্যাহত থাকিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here