অসাধাৰণ অস্ত্ৰোপচাৰ ঃ চুম্বকেৰেউলিয়ালে শিশুৰ হাঁওফাঁওত আবদ্ধ বেজী

0
509


এক নজিৰবিহীন ঘটনা সংঘটিত হ’ল দিল্লীৰ এইমছত৷ এটি সাত বছৰীয়া শিশুৰ হঁাওফাঁওত আবদ্ধ হৈ থকা বেজী এটা অস্ত্ৰোপচাৰৰ জৰিয়তে সফলতাৰে বাহিৰ কৰি উলিয়াবলৈ সক্ষম হয় চিকিৎসকে৷ অস্ত্ৰোপচাৰৰ দ্বাৰা সফলতা লাভ কৰিবলৈ সক্ষম হোৱা চিকিৎসকক এতিয়া বিভিন্ন মহলে ভূয়সী প্ৰশংসা কৰিছে৷ শিশুৰ দেহত এনে নজিৰবিহীন অস্ত্ৰোপচাৰ কৰা দিল্লীৰ এইমছ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ ঘটনাৰ বিৱৰণী মতে অতি সংকটজনক অৱস্থাত দিল্লীৰ এইমছত শিশুটিক ভৰ্তি কৰোৱা হৈছিল৷ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ সময়ত শিশুটিৰ অতিপাত কাহ হৈছিল আৰু কাহৰ লগত তেজ ওলাইছিল৷ ভৰ্তি কৰোৱাৰ পাছত চিকিৎসকে শিশুটিক পৰীক্ষা কৰি গম পালে যে শিশুটিৰ হঁাওফাঁওৰ অভ্যন্তৰৰ বাওঁফালে এটা চাৰি চেণ্টিমিটাৰ দীঘল বেজী আবদ্ধ হৈ আছে, যাৰ ফলত শিশুটি অসুস্থ হৈ পৰিছে৷ অবিলম্বে চিকিৎসকল দলে শিশুটিৰ চিকিৎসা আৰম্ভ কৰে আৰু কিদৰে বেজীটো বাহিৰ কৰিব তাৰ ব্যৱস্থা গ্ৰহণ কৰে৷ সেই অনুসৰি চিকিৎসকে কোনোধৰণৰ কটা-ছিগা নকৰাকৈয়ে চুম্বকৰ জৰিয়তে হাঁওফাঁওৰ পৰা বেজীটো বাহিৰ কৰে৷ বৰ্তমান শিশুটি সুস্থ বুলি জনা গৈছে৷ এইদৰে কৰা অসাধাৰণ অস্ত্ৰোপচাৰে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here