অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানীসকলে দীৰ্ঘদিনীয়া গৱেষণাৰ জৰিয়তে উদ্ভাৱন কৰা তিনিটা ধানৰ জাত আৰু তিনিটা মাহজাতীয় শস্যৰ জাতে সৰ্বভাৰতীয় অনুমোদন লাভ কৰিবলৈ সক্ষম হৈছে৷ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত কেন্দ্ৰীয় কৃষিজাত অনুমোদন সমিতিয়ে কৃষি বিজ্ঞানীসকলৰ গৱেষণাৰ ফচল এই জাতকেইটালৈ অনুমোদন জনাইছে৷ সৰ্বভাৰতীয় অনুমোদন লাভ কৰা অসমৰ এই কৃষিজাত শস্যৰ ধানৰ জাতকেইটা হ’ল পাটকাই, শতাব্দী আৰু প্ৰচুৰ৷ আনহাতে মাহজাতীয় শস্যৰ জাতকেইটা হ’ল ক্ৰমে মটৰ মাহৰ জাত জেউতী, মগুমাহৰ জাত বুৰৈ আৰু মাটিমাহৰ জাত পাভৈ৷ কৃষি বিশ্ববিদ্যালয়ৰ তিতাবৰৰ অসম ধন গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে উদ্ভাৱন কৰা পাটকাই জাতটো বেক্টেৰিয়াজনিত ব্লাইট প্ৰতিৰোধী হোৱাৰ লগতে এই জাতৰ ধান অসমত খেতি কৰিবলৈ প্ৰচুৰ উপযোগী হিচাপে বিবেচিত হৈছে৷ শতাব্দী জাতটো মিছা স্মাটৰ প্ৰতিৰোধী আৰু বেক্টিৰিয়েল লিফ লাইট, শ্বীথ ব্লাইট আৰু ষ্টেম ব’ৰাৰৰ মধ্যমীয়া প্ৰতিৰোধী হোৱাৰ লগতে অধিক উৎপাদনক্ষম৷ প্ৰচুৰ জাতটোও শতাব্দী জাতৰ লেখীয়াই৷ আনহাতে নগাঁৱৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰ ছিলঙনিৰ কৃষি বিজ্ঞানীৰ দলে উদ্ভাৱন কৰা জেউতী মাহৰ মাহৰ জাতটো উচ্ছ উৎপাদনক্ষম হোৱাৰ উপৰি জাতটোত পাউদাৰী মিলডিউ আৰু ৰাষ্ট ৰোগৰ প্ৰতিৰোধী হোৱাৰ লগতে ছেই বন্ধোৱা পোক, পাত সুৰংগকাৰী পোকৰ মধ্যমীয়া প্ৰতিৰোধী৷ মগুমাহৰ জাত বুৰৈ ৬৫-৬৮ দিনীয়া অতি কম সময়ৰ জাত৷ ইয়াৰ লগতে ছেই বন্ধোৱা, মোৱাপোক আৰু পাত সুৰংগকাৰী পোকৰ মধ্যমীয়া প্ৰতিৰোধী৷ আনহাতে মাটি মাহৰ জাত পাভৈ চাৰ্কস্পাৰা লিফট স্পট আৰু হালধীয়া মোজাইক ভাইৰাছ ৰোগ প্ৰতিৰোধী৷ উল্লেখ্য যে এই অনুমোদিত জাতসমূহে কৃষি ক্ষেত্ৰৰ যথেষ্ট উত্তৰণ ঘটাব বুলি ধাৰণা কৰা হৈছে৷