পৃথিৱীৰ দৰে কি কি ঘটনা ঘটে মহাকাশত৷ কিধৰণৰ ঘটনা পৃথিৱীৰ দৰে মহাকাশতো ঘটাটো সম্ভৱ হয়৷ মহাকাশ বিজ্ঞানীৰ এই কৌতূহল বহুদিনৰ৷ তাৰ জোৰতে অবিশ্ৰান্ত গৱেষণা চলি আছে৷ পৃথিৱীৰ দৰে মহাকাশতো হোৱা সম্ভৱ কৰি তোলাৰ প্ৰচেষ্টা কৰি আহিছে৷ সম্প্ৰতি একাধিক ক্ষেত্ৰতে বিজ্ঞানীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে মহাকাশচাৰীয়ে মহাকাশত থকা সময়ছোৱাত নিজৰ সুবিধা মতে বিভিন্ন কাম কৰে৷ ইয়াৰ ভিতৰত খোৱা-বোৱা, পোছাক পাতিৰ ক্ষেত্ৰতে বা আন বেলেগধৰণৰ কাম৷ ইউৰোপীয় স্পেচ এজেঞ্চি বা এ এছ এ-ৰ মহাকাশচাৰীয়ে অভিযানৰ সময়ত নিজৰ পচন্দ মতে আলু ভাজিৰ ছিপছ তৈয়াৰ কৰাৰ পদ্ধতি আৱিষ্কাৰ কৰিছে৷ মহাকাশত অকল এয়াই নহয়৷ পৃথিৱীৰ বাদে বিজ্ঞানীৰ অন্য গ্ৰহত প্ৰাণীৰ সন্ধান চলিয়েই আছে৷ কোন গ্ৰহত প্ৰাণীৰ বাবে অনুকূল পৰিৱেশ আছে, তাৰো পৰীক্ষা চলি আছে৷ ইয়াৰ মাজতে এইবাৰ চকু চমকি উঠা ছবি নাছাই প্ৰকাশ কৰে৷ নাছাই প্ৰকাশ কৰা আলোকচিত্ৰত মহাশূন্যত ফুলৰ বাগিচা দেখা যায়৷ মহাকাশত প্ৰথম ফুল ফুলাৰ দৃশ্য দেখিবলৈ পোৱা যায়৷ এই দৃশ্যই সকলোৱে হতচকিত কৰে৷