মানুহে গুহাৰ পৰা আধুনিক জীৱনলৈকে বহুখিনি আগবাঢ়ি গৈছে৷ বিজ্ঞানে মানুহক এনে এটা পৰ্যায়লৈ লৈ গৈছে যে এতিয়া বাস্তৱ হৈ পৰা কিছুমান কথা এসময়ত কল্পনাৰো অগোচৰ আছিল৷ অসম্ভৱ বুলি ভবা কথাবোৰ বিজ্ঞানে এতিয়া সম্ভৱ কৰি তুলিছে৷ বিজ্ঞানীসকলে এতিয়া পৃথিৱীৰ পৰা বিলুপ্তি হৈ পৰা জীৱন জীয়াই তোলাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে৷ ডেইলি ষ্টাৰে এই বাতৰি দি কয় যে বিজ্ঞানীসকল এতিয়া লক্ষ্য হৈছে যে এনেকুৱা এটা বিশাল আকাৰৰ প্ৰাণীক পুনৰ জীয়াই তোলাৰ, যিটো কেইবা কোটি বছৰ আগতে পৃথিৱীত বিচৰণ কৰি আছিল৷ বতৰ আৰু জলবায়ুৰ পৰিৱৰ্তন তথা সময়ৰ সৈতে খাপ নোখোৱা হেতু সেই সময়ত ইয়াৰ পৰিস্থিতি অনুকূল হৈ নথকাৰ কাৰণে প্ৰাণীবিধ নোহোৱা হৈ পৰিছিল৷ বিজ্ঞানীসকলে পুনৰ জীয়াই তোলাৰ চেষ্টা কৰা এই জীৱবিধ হ’ল বিশাল আকাৰৰ নোমাল মেমথ৷ শেহতীয়াভাৱে বৰফেৰে আবৃত স্থানত বৰফৰ মাজত সংৰক্ষিত হৈ থকা অৱস্থাত মেমথৰ ডি এন এ উদ্ধাৰ কৰা হৈছিল৷ বিজ্ঞানীসকলে মেমথৰ ডি এন এ-ক এছিয়াৰ হাতীৰ সৈতে সংযোজন ঘটাই পোৱালি যোগোৱাৰ চেষ্টা কৰি আছে৷ যদিহে তেওঁলোকে সফল হয়, তেন্তে মানুহে পৃথিৱীত পুনৰ মেমথ দেখিবলৈ সক্ষম হ’ব৷ বিজ্ঞানীসকলে দাবী কৰা মতে ২০২৮ চনলৈ মেমথ পুনৰ অস্তিত্বলৈ আহিব পাৰে৷ বায়’টেক কোম্পানী কল’ছন বায়’টেকৰ বিজ্ঞানীসকলে এই দাবী কৰিছে৷ কোম্পানীটোৰ ৱেবছাইটত প্ৰকাশ কৰা অনুসৰি মেমথৰ ভ্ৰূণ ছেৰ’গেট হাতীৰ গৰ্ভত স্থাপন কৰা হ’ব আৰু তেনেদৰেই মেমথে পৃথিৱীত পুনৰ জন্ম ল’ব৷