অসমে স্বাস্থ্য খণ্ডৰ দেশৰ ভিতৰতে উজলি উঠিছে৷ কেন্দ্ৰীয় স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ উদ্যোগত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত আৰোগ্য মন্থন শীৰ্ষক ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন শিবিৰত অসমে দুটাকৈ শিতানত শ্ৰেষ্ঠ ৰাজ্যৰ পুৰস্কাৰ লাভ কৰে৷ সৰ্বাধিক সংখ্যক যোগ্য হিতাধিকাৰীক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা আৰু হিতাধিকাৰীৰ মাজত আয়ুষ্মান কাৰ্ড বিতৰণৰ উৎকৃষ্ট কাৰ্যপ্ৰণালী ব্যৱহাৰ কৰাৰ শিতানত অসমে দেশৰ ৰাজ্যসমূহৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্যৰ পুৰস্কাৰ লাভ কৰে৷ আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ পঞ্চম বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণে দুদিনীয়াকৈ আয়োজন কৰা আৰোগ্য মন্থনৰ সামৰণী অনুষ্ঠানত অসমক এই দুয়োটা শিতানতে দেশৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে পুৰস্কাৰ প্ৰদান কৰে৷ অনুষ্ঠানত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মনসুখ মণ্ডাভিয়াৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ লগতে অটল অমৃত অভিযান সমিতিৰ মুখ্য কাৰ্যবাহী বিষয়া ড॰ সিদ্ধাৰ্থ সিং আৰু স্বাস্থ্য সেৱা সঞ্চালক [পৰিয়াল কল্যাণ] কমলজিৎ তালুকদাৰে৷ উক্ত বঁটা প্ৰদান কৰা অনুষ্ঠানত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মণ্ডাভিয়াই কয় যে ২০১৮ চনৰ ২৩ ছেপ্টেম্বৰত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰম্ভ হোৱাৰে পৰা দেশৰ দুখীয়া পৰিয়ালসমূহেও ধনী লোকসকলৰ দৰে অত্যাধুনিক চিকিৎসালয়ত উৎকৃষ্ট চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে৷ দেশৰ নাগৰিকসকল সুস্থ হৈ থাকিলেহে সমাজ আৰু দেশ সুস্থ হৈ প্ৰগতিৰ দিশত আগুৱাই যাব বুলিও তেওঁ লগতে উল্লেখ কৰে৷