ভাৰতে বিশ্বৰ জনসংখ্যাৰ তালিকাত শীৰ্ষস্থান দখল কৰাৰ লগতে ভাৰতত জন্মগত হৃদৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাও পৰিলক্ষিত হৈছে [প্ৰতি এহেজাৰ শিশুৰ বিপৰীতে দহ]৷ পিতৃ-মাতৃৰ বাবে আক্ষৰিক অৰ্থত এক দুঃস্বপ্ন হৈ পৰে যেতিয়া তেওঁলোকে গম পায় যে তেওঁলোকৰ সন্তানৰ জন্মগত হৃদৰোগ আছে৷ জন্মগত হৃদৰোগ সহজ বা জটিল হ’ব পাৰে৷ ইয়াৰে কিছুমান ইমানেই জটিল হ’ব পাৰে যে শিশুটিয়ে ৰোগ ধৰা পৰাৰ আগতেই মৃত্যুবৰণ কৰিব পাৰে৷ আনহাতে এজন ব্যক্তি প্ৰাপ্তবয়স্ক বয়সতো কিছুমান জন্মগত হৃদৰোগ ধৰা পৰিব পাৰে৷ যোৱা কেইবছৰমানৰ পৰা দেশত এনে ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বহু উন্নতিও হৈছে৷ এই ক্ষেত্ৰত গুৱাহাটীৰ খানাপাৰাস্থিত হেল্থ চিটি হস্পিটেলে এক উল্লেখনীয় পদক্ষেপ লৈ যোৱাটো আঠ মাহ সময়ছোৱাত মুঠ ২৫০জন জন্মগত হৃদৰোগ ৰোগীৰ সফল চিকিৎসা কৰি অঞ্চলটোত এক নতুন অভিলেখ সৃষ্টি কৰিছে৷ হৃদৰোগ শল্য চিকিৎসক ডাঃ ভৱানন্দ দাসৰ তত্ত্বাৱধানত হস্পিটেলখনৰ বিশিষ্ট শিশু হৃদৰোগ চিকিৎসক ডাঃ সৌৰভী দাস আৰু শিশু হৃদৰোগ শল্য চিকিৎসক ডাঃ নঈম ৰাজাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিশিষ্ট কাৰ্ডিয়াক এনাস্থেছিষ্ট ডাঃ হেমজিৎ তালুকদাৰ আৰু বিশেষজ্ঞ দলটোৰ দ্বাৰা সফলতাৰে ইতিমধ্যে বহুকেইটা জটিল জন্মগত হৃদৰোগৰ চিকিৎসা কৰা হৈছে৷ জন্মগত হৃৎপিণ্ডৰ বিসংগতি থকা ২০০ শিশু অস্ত্ৰোপচাৰৰ দ্বাৰা চিকিৎসা কৰি সুস্থ কৰি তোলে কাৰ্ডিয়াক ছাৰ্জন ডাঃ নয়িম ৰাজা আৰু দলটোৱে৷ শেহতীয়াকৈ ডাঃ সৌৰভী দাসে অতি বিৰল পদ্ধতিৰে এটি ৯ মহীয়া শিশুৰ চিকিৎসা কৰি সুস্থ কৰি তোলে আৰু যিটো পদ্ধতি ভাৰতৰ খুব কম কেইখনমান চিকিৎসালয়েহে কৰে৷ এই পদ্ধতিৰ দ্বাৰা শিশুটি ৰক্ষা পৰে, যিগৰাকীৰ হৃৎপিণ্ডৰ বিসংগতিৰ ফলত হাঁওফাঁওলৈ পৰ্যাপ্ত পৰিমাণে তেজৰ সোঁত নোহোৱাৰ বাবে নীলা হৈ পৰিছিল আৰু অচেতন হৈ পৰিছিল৷ ডাঃ সৌৰভীয়ে শিশুটি ভেণ্টিলেশ্যনত থকাৰ সময়ত ষ্টেণ্ট লগাই তেজৰ সোঁতটো মুকলি কৰি দিয়ে আৰু শিশুটি সুস্থ হৈ উঠা বুলি হস্পিটেল কৰ্তৃপক্ষই সদৰী কৰিছে