অসমত শালনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰে বিভিন্ন সমাজৰ উন্নয়নমূলক তথা জনসাধাৰণৰ কল্যাণৰ হকে কাম কৰিছে৷ চৰকাৰে বিভিন্ন আচনিৰ সৃষ্টিৰে দুখীয়া নিছলাক সহায়ৰ হাত আগবঢ়োৱাৰ সমান্তৰালভাৱে চিকিৎসাৰ ক্ষেত্ৰতো জনহিতকৰ কাম কৰিছে৷ ইয়াৰ উপৰি চৰকাৰী মাটি অবাধ বেদখল কৰি ঘবþ নিৰ্মাণ কৰাৰো বেদখল উচ্ছেদ অভিযানেৰে বেদখলমুক্ত কৰিছে৷ ইয়াৰ মাজতে যোৱা কেইমাহনান আগতে অসম চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে৷ আমি সকলোৱে জানো যে বাল্য বিবাহ হ’ল সমাজৰ এক ব্যাধি৷ সেয়ে চৰকাৰে বাল্য বিবাহ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি কিছুদিন স্থগিত ৰাখিছিল যদিও এতিয়া পুনৰ চৰকাৰে বাল্য বিবাহ-বিৰোধী অিভযান আৰম্ভ কৰিছে৷ ইয়াৰ অংশ হিচাপে যোৱা তিনি অক্টোবৰত অসম আৰক্ষীয়ে ৰাজ্যৰ ৩২ খন জিলাত নাৱালিকাক বিবাহ কৰোৱা, অভিযুক্তৰ আত্মীয়, বিয়া পাতি দিয়া কাজিৰ বিৰুদ্ধে অভিযান চলায়৷ আৰক্ষীৰ এই বাল্য বিবাহ বিৰোধী অিভযানত ৯১৬ গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়৷ অসম আৰক্ষীয়ে জনোৱা মতে এই গ্ৰেপ্তাৰ কৰা অভিযুক্তবোৰৰ ভিতৰত নাবালিকাৰ বিয়া পৰাৰ অপৰাধত ৫৫১ জন, বিবাহ পৰাত আত্মীয় ৩৫১ জন, কাজি তথা ঘটকৰ সংখ্যা হ’ল ১৪ গৰাকী৷ আনহাতে নাবালিকাক বিয়া পতাৰ অপৰাধত ধুবুৰীৰ পৰা সৰ্বাধিক ১৯২জন, বৰপেটাৰ পৰা ১৪২জনক গ্ৰেপ্তাৰ কৰিছে৷ একেদৰে লখিমপুৰৰ পৰা ১০জন, বিশ্বনাথৰ পৰা ৯জন, হাইলাকান্দিৰ পৰা ৫৯ জন, কৰিমগঞ্জৰ পৰা ৪৭ জন, বজালীৰ ১৮, বাকসাৰ ৩৩, বঙাইগাৱৰ পৰা ৪০, হোজাইৰ পৰা ৩১, গোৱালপাৰাৰ ২৮, কোকৰাঝাৰৰ পৰা ২৪জন, মৰিগাঁৱৰ পৰা ৩৫জন, নগাঁৱৰ পৰা ২৩ জন, দক্ষিণ শালমাৰাৰ ৩৯ জন, কামৰূপৰ পৰা ৫০ জন আদি বিভিন্ন জিলা পৰা গ্ৰেপ্তাৰ কৰে৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সহস্ৰাধিক বাল্য বিবাহত অিভযুক্তক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷