অসমৰ যোৰহাটত দেশৰ পৰিবহণ ব্যৱস্থাত নতুন যুগৰ সূচনা কৰি দেশৰ ভিতৰত প্ৰথম হাইড্ৰজেন গেছচালিত অত্যাধুনিক বাছ মুকলি কৰে৷ ভাৰতৰ বৃহত্তম কোম্পানী অইল ইণ্ডিয়া লিমিটেডৰ নাৰ্ছাৰি আৰু এনেবলিং এণ্ড হেণ্ড হল্ডিং শীৰ্ষক কাৰ্যসূচীৰ অধীনত ওম ক্নিনটেক প্ৰাইভেট লিমিটেডে হাইড্ৰজেন চালিত বাছখন পুনেত নিৰ্মাণ কৰাৰ পাছত অসমৰ যোৰহাটলৈ পৰীক্ষামূলকভাৱে অহা হয়৷ এই অত্যাধুনিক বাছখন যোৰহাটৰ পৰা কাজিৰঙা আৰু যোৰহাটৰ পৰা দুলীয়াজানলৈ চলাচল কৰিব৷ যোৰহাট চাৰিআলি অইল পাম্পিং ষ্টেচনত আয়োজিত উদ্বোধনী অনুষ্ঠানত এই কথা সদৰী কৰে অইল কৰ্তৃপক্ষই৷ উল্লেখ্য যে ভাৰত চৰকাৰৰ হাইড্ৰজেন মিছনৰ প্ৰকল্পৰ অধীনত হাইড্ৰজেন গেছৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰি এই বাছখন চলোৱা হৈছে৷ জানিব পৰা মতে সম্পূৰ্ণ প্ৰদূষণমুক্ত এই গেছে প্ৰকৃতিৰ ওপৰত কোনোধৰণৰ কুপ্ৰভাৱ নেপেলায়৷ কৰ্তৃপক্ষই জনোৱা মতে হাইড্ৰজেন গেছৰ পৰা ফুৱেল চেল কমিকেল ৰোডৰে বৈদ্যুতিক শক্তি উৎপন্ন কৰি বেটাৰী চাৰ্জ কৰি এই বাছখন চলোৱা হ’ব৷ আনহাতে যোৰহাটত সেউজ হাইড্ৰজেন প্ৰকল্প এটা গঢ়ি তোলা হৈছে আৰু সেইবাবে এই অত্যাধুনিক বাছখন যোৰহাটৰ পৰা চলোৱাৰ সিদ্ধান্ত লোৱা হৈছে বুলিও জনায়৷ এই বাছখন প্ৰাৰম্ভিক অৱস্থাত কম দূৰত্বত আৰু পাছলৈ দীৰ্ঘ দূৰত্বত চলাচল কৰোৱা হ’ব বুলিও জানিবলৈ দিয়ে৷ বাছখনৰ ওপৰত আছে তিনিটাকৈ হাইড্ৰজেন গেছযুক্ত চিলিণ্ডাৰ, ২১ কেজি গেছ অতিৰিক্তভাৱে মজুত থক শীতাতপ নিয়ন্ত্ৰিত বাছখনত হুইল চেয়াৰৰ পৰা আৰম্ভ কৰি সকলোখিনি ব্যৱস্থাই আছে৷ আনহাতে প্ৰতি কিলোৱাট শক্তিৰ বিপৰীতে বাছখনে ১০ কিলোমিটাৰ অতিক্ৰম কৰিব পাৰিব বুলি জানিবলৈ দিয়ে৷