অসমত ঘৰে ঘৰে গৈকৰিব কুষ্ঠ ৰোগৰ পৰীক্ষা

0
204


৩১ অক্টোবৰৰ পৰা ১২ নৱেম্বৰলৈ কুষ্ঠ ৰোগ চিনাক্তকৰণ আৰু এই ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টিৰ জৰিয়তে ৰোগবিধ নিৰ্মূলৰ লক্ষ্যৰে সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাতো কুষ্ঠ ৰোগ নিৰ্ণয় অভিযান আৰম্ভ হ’ব৷ কামৰূপ মহানগৰ জিলাৰ মুঠ জনসংখ্যাৰ ৯০ৰ পৰা ৯৫ শতাংশক সামৰি এই অভিযান চলোৱা হ’ব৷ জিলা কুষ্ঠ কোষৰ উদ্যোগত চলিবলগীয়া অভিযানত স্বাস্থ্য কৰ্মীসকল ঘৰে ঘৰে গৈ কুষ্ঠ ৰোগৰ লক্ষণক আধাৰ কৰি পৰীক্ষা কৰিব৷ কুষ্ঠ ৰোগৰ পৰীক্ষাৰ বাবে যোৱা স্বাস্থ্য কৰ্মীৰ সৈতে সহযোগিতা কৰিবলৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৰাইজক আহ্বান জনাইছে৷ কুষ্ঠ ৰোগ হৈছে বেক্টেৰিয়াৰ পৰা উৎপন্ন হোৱা এবিধ অতি সংক্ৰামক ৰোগ৷ এই ৰোগে ঘাইকৈ ছাল আৰু স্নায়ুৰ হানি কৰে৷ এই বীজাণু লাহে লাহে বৃদ্ধি হয় বাবে ৰোগৰ লক্ষণসমূহ দেখা দিওঁতে ৩-৫ বছৰ সময় লাগে৷ প্ৰথম অৱস্থাতে ৰোগ চিনাক্তকৰণৰ লগতে নিয়মীয়া আৰু সম্পূৰ্ণকৈ বহু ঔষধীয় চিকিৎসা গ্ৰহণ কৰি কুষ্ঠ ৰোগৰ ভয়াৱহ পৰিণতিৰ পৰা হাত সাৰিব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here