অসমত অধিকসংখ্যক কম বয়সীয়া মহিলা এনিমিয়াত আক্ৰান্ত

0
32

ৰাজ্যবাসীৰ বাবে এক দুখবৰ৷ যি সময়ত ৰাজ্যত স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে চৰকাৰে প্ৰতিবছৰে কোটি কোটি টকা ব্যয় কৰিছে, সেই সময়তে ৰাজ্যখনৰ ৰক্তহীনতা তথা পুষ্টিহীনতাত ভোগা শিশু আৰু মহিলাৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ এই উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ সদ্যসমাপ্ত সংসদৰ অধিৱেশনত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এনিমিয়াত ভোগা মহিলাৰ ক্ষেত্ৰত অসমৰ স্থান হৈছে চতুৰ্থ৷ ৰাজ্যখনত ১৫-৪৯ বছৰ বয়সৰ মহিলাৰ ৬৫.৯ শতাংশই ৰক্তহীনতাত ভুগি আহিছে৷ আনহাতে অসমত গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত ১৫-৪৯ বছৰ বয়সৰ মহিলাৰ ৫৪.২ শতাংশই ৰক্তহীনতা তথা এমিনিয়াত আক্ৰান্ত৷ ইফালে ৰক্তহীনতাৰ বাবেই অসমত স্বাভাৱিক হাৰতকৈ ওজন হ্ৰাস পোৱা মহিলাৰ হাৰো ক্ৰমাৎ বৃদ্ধি পাইছে৷ উল্লেখ্য যে ৰক্তহীনতা তথা পুষ্টিহীনতাই অসমত সৃষ্টি কৰা পৰিস্থিতিয়ে অদূৰ ভৱিষ্যতে ৰাজ্যখনৰ ভৱিষ্যৎ প্ৰজন্মক ৰুগীয়া কৰাৰ সম্ভাৱনা দেখা দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here