উত্তৰ-পূবত মেগা অইল প্লেণ্টেশ্যন অভিযান আৰম্ভ কৰিবলৈ একত্ৰিত হৈছে উদ্যোগ বিশেষজ্ঞসকল৷ ৰাষ্ট্ৰীয় ভোজ্য তেল-তেল পাম অভিযান [এন এম ই অ’-অ’ পি]ৰ অধীনত ভাৰত চৰকাৰে ২৫ জুলাইৰ পৰা ৫ আগষ্টলৈ মেগা অইল প্লেণ্টেশ্যন ড্ৰাইভ আৰম্ভ কৰিছে৷ এই অভিযানৰ বিষয়ে সবিশেষ আলোচনাৰ বাবে গুৱাহাটীত এখন বৈঠকৰ আয়োজন কৰা হয়৷ এই বৈঠকত গডৰেজ এগ্ৰ’ভেট লিমিটেড, ইণ্ডিয়ান ইন্ষ্টিটিউট অব্ অইল পাম ৰিছাৰ্চ, দ্য ছলভেণ্ট এক্সট্ৰেক্টৰছ’ এছ’চিয়েশ্যন অব্ ইণ্ডিয়া আৰু ছলিডাৰিদাদ নেটৱৰ্কৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অইল পাম খেতিৰ গুৰুত্ব আৰু ই কেনেদৰে অঞ্চলটোৰ কৃষকসকলক উন্নীত কৰিব পাৰে সেই সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়৷ অইল পামৰ পৰা খাদ্য তেলৰ উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা এন এম ই অ’-অ’ পি হৈছে কেন্দ্ৰীয় পৃষ্ঠপোষকতা কৰা আঁচনি আৰু সাধাৰণ ৰাজ্যসমূহৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত ৬০:৪০ আৰু উত্তৰ-পূব ৰাজ্যৰ বাবে ৯০:১০ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ বাবে ১০০ শতাংশ হিচাপে খৰচৰ ভাগ-বাটোৱাৰা কৰা হ’ব৷ বৈঠকত দ্য ছলভেণ্ট এক্সট্ৰেক্টৰ্ছ এছ’চিয়েশ্যন অব্ ইণ্ডিয়াৰ এক্সিকিউটিভ ডাইৰেক্টৰ ড॰ বি ভি মেহতাই সুলভ মূল্যৰ ৰন্ধন তেল আৰু লাখ লাখ গ্ৰাহকৰ বাবে পুষ্টিৰ এক উল্লেখযোগ্য উৎস হিচাপে পাম অইলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে৷ উল্লেখ্য যে অইল পাম খেতিৰ কামত জড়িত গডৰেজ এগ্ৰ’ভেট লিমিটেড হৈছে ২০১৪ চনৰ পৰা মিজোৰামত কাৰ্যকৰী মিল থকা একমাত্ৰ কোম্পানী৷ এন এম ই অ’-অ’ পি আঁচনিৰ অধীনত অঞ্চলটোত অসম, মণিপুৰ, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা চৰকাৰৰ সৈতেও বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে৷ তেওঁলোকৰ তেলপাম ব্যৱসায়ত তিনি দশকতকৈও অধিক সময়ৰ অভিজ্ঞতাই কৃষকসকলক বহনক্ষম তেলপাম বাগিচা প্ৰক্ৰিয়াৰ বিষয়ে জ্ঞান দিয়াৰ উপৰি বিভিন্ন ধৰণৰ সম্পদ যোগান ধৰিবলৈ সক্ষম কৰিছে৷ আনহাতে কৃষকসকলক কেৱল সৰু মাটিৰ অংশৰ দ্বাৰা উন্নত কৰাই নহয়, সংস্থাপনৰো সৃষ্টি কৰিছে৷ উল্লেখ্য যে ভাৰত হৈছে পাম তেলৰ বিশ্বৰ সৰ্ববৃহৎ আমদানিকৰ্তা আৰু পাম তেলৰ দ্বিতীয় সৰ্ববৃহৎ উপভোক্তা থকা দেশ৷ ভাৰতে বৰ্তমান ৭,৫০০,০০০ টন পাম তেল আমদানি কৰে৷ গতিকে ৰাজ্য চৰকাৰসমূহে প্ৰয়োজনীয় আন্তঃগাঁথনি স্থাপনৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ প্ৰয়োজনীয়তা আৰু তেল পাম খেতিৰ বাবে ভূমি আবণ্টন দ্ৰুতগতিত সম্পন্ন কৰাৰ প্ৰয়োজনীয়তাক বৈঠকৰ জৰিয়তে উপস্থাপন কৰা হয়৷