অশনি সংকেত : অভাৱনীয়ভাৱে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস

0
477


ক্ৰমাৎ বাম হৈ গৈ আছে ব্ৰহ্মপুত্ৰৰ বুকু৷ বিভিন্ন প্ৰাকৃতিক কাৰণ, জলবায়ু পৰিৱৰ্তনৰ ফলত বতৰ আস্বাভাৱিক হোৱা, বৰষুণৰ পৰিমাণ হ্ৰাস তথা নদীত পেলোৱা আৱৰ্জনাই নদীখনক ক্ৰমে তৰাং কৰি আনিছে৷ যাৰ ফলত বাৰিষা নদীখনে পানীৰ ভাৰ বব নোৱৰা হৈছে৷ এইবোৰ কাৰণে বছৰ বাগৰাৰ লগে লগে বানপানী আদিৰ দৰে সমস্যাও বৃদ্ধি পাইছে৷ দেখা গৈছে যে খৰালি কাল পৰিনে নাই, নদীখনত বালিচৰ পৰিবলৈ আৰম্ভ কৰেই৷ হাজাৰ হাজাৰ বিঘা নদীৰ বুকু বালিচৰে পুতি পেলাই ইয়াৰ বুকু আৰু অধিক তৰাং কৰিছে৷ ইনলেণ্ড ৱাটাৰৱেজ অথৰিটি অব ইণ্ডিয়া চমুকৈ আই ডব্লিউ এ আইৰ এখন পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ব্ৰহ্মপুত্ৰত এইদৰে জলস্তৰ হ্ৰাস পোৱা ৮৮টা স্থানত নিয়মিত খনন আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি চলাইছে৷ তেওঁ লগতে কয় যে ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰধানতঃ এই ৮৮টা স্থানত জলস্তৰ হ্ৰাস পাইছে৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই কেন্দ্ৰীয় চৰকাৰে এই অঞ্চলকেইটাক খনন চলোৱাৰ কথা ঘোষণা কৰে যাতে আৰু অধিক ইয়াৰ পানীৰ স্তৰ হ্ৰাস নাপায়৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে এনে অগভীৰ স্থানসমূহত দুই মিটাৰতকৈ অধিক গভীৰলৈ খনন কৰা হ’ব৷ সাধাৰণতে ব্ৰহ্মপুত্ৰৰ গভীৰতা নূ্যনতম দুই মিটাৰ থকাটো বাধ্যতামূলক৷ সেয়ে ব্ৰহ্মপুত্ৰত যাতে সুচাৰুৰূপে ফেৰী, মালবাহী জাহাজ চলিব পাৰে, লগতে ব্ৰহ্মপু্‌ত্ৰৰ জলস্তৰ যাতে আৰু অধিক হ্ৰাস নাপায় তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই খনন চলাবলৈ নিৰ্দেশ প্ৰদান কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here