সমগ্ৰ দেশ এতিয়া কৰ’নাৰ কৰাল গ্ৰাসত৷ যিসময়ত কৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে সামাজিক দূৰত্ব বৰ্তাই ৰাখি ঘৰতে আবদ্ধ হৈ থকাটো প্ৰয়োজনীয়, তেনে সময়তে কভিড আক্ৰান্ত ৰোগীসকলক চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলে পৰিয়ালৰ পৰা আঁতৰত থাকি নিজৰ জীৱনৰ প্ৰতি চৰম ভাবুকি উপেক্ষা কৰি সেৱা আগবঢ়াই আহিছে৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে কভিডৰ এনে ভয়াৱহ সংকটৰ মাজতে হোজাইত সংঘটিত হৈছে এক অমানৱীয় ঘটনা৷ কৰ্তব্যৰত চিকিৎসকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিছে একাংশ উদণ্ড যুৱকে৷ এই অবাঞ্ছিত ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত৷ স্থানীয় লোকে জনোৱা অনুসৰি এগৰাকী কভিড ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই সংঘটিত হৈছে এই ঘটনা৷ দৰাচলতে হোজাই কভিড কেয়াৰ হাস্পতালত কভিড-১৯ সেৱাৰ লগত জড়িত চিকিৎসক ডাঃ সেউজ সেনাপতিক গিয়াছ উদ্দিন নামৰ এজন কভিড ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি শাৰীৰিকভাৱে প্ৰহাৰ কৰে মৃতকৰ পৰিয়ালে লগতে ভাঙি লণ্ডভণ্ড কৰে চিকিৎসালয়খনৰ আচবাব আৰু দুৱাৰ-খিৰিকী৷ সম্প্ৰতি চিকিৎসকজন এতিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে৷ সময় মতে চিকিৎসা নোপোৱাৰ বহু অভিযোগ উত্থাপিত হৈছে চিকিৎসকজনৰ বিৰুদ্ধে৷ আনহাতে ছ’চিয়েল মিডিয়াত এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে একাংশই ঘটনাৰ নিৰপেক্ষ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে৷ উল্লেখ্য যে ইতিমধ্যে চিকিৎসকজনৰ ওপৰত হোৱা বৰ্বৰ আক্ৰমণত জড়িত ২৪জন অপৰাধী ক্ৰমে– কামাৰ উদ্দিন, জয়নাল উদ্দিন, ৰাহানুদ্দিন, চাইফুল আলম, ৰহিমুদ্দিন, ৰিজুল ইছলাম, তাইবুৰ ৰহমান, ৰহিম উদ্দিন, আব্দুল কালাম, নুৰজুল ইছলাম, আব্দুল গণি, দিলৱাৰ হুছেইন, আব্দুল হুছেইন, আনোৱাৰ হুছেইন, ইক্ৰামূল হুছেইন, নাছিৰ উদ্দিন, আলীমুদ্দিন, জামিল আহমেদ, ছাহিল ইছলাম, ছৰিফ উদ্দিন, ছাফিক উদ্দিন, মফিজুৰ ৰহমান, মতিবুৰ ৰহমান আৰু মিছবাহ বেগমক হোজাই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বুলি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনায়৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই জনায় যে তেওঁ ব্যক্তিগতভাৱে এই ঘটনা সন্দৰ্ভত তদন্ত নিৰীক্ষণ কৰি আছে আৰু সকলো দোষীক শীঘ্ৰে চিনাক্ত কৰি কঠোৰ শাস্তি বিহাৰ প্ৰতিশ্ৰুতি দিছে৷