সকলোতকৈ পুষ্টিকৰ আৰু সহজলভ্য খাদ্যৰ তালিকাত প্ৰথমেই কণীৰ নাম ল’ব পাৰি৷ কণী প্ৰ’টিনৰ ভাল উৎস৷ কণী বেয়া পোৱা মানুহ চাগে নোলাবই৷ কণীৰ জয়জয়কাৰ কিন্তু সৰ্বত্ৰ৷ কণী বিভিন্ন প্ৰকাৰে খোৱা হয়৷ তাৰ ভিতৰত কণীৰ কাজি, সিদ্ধ কৰি, অমলেট বনাই বা কিছুৱে পোচ কৰিও কণী খায়৷ সিদ্ধই হওক বা অমলেটেই হওক, সকলোতেই কণী খুব সুস্বাস্থ্যকৰ খাদ্য৷ কণীৰ ব্যঞ্জনৰ প্ৰকাৰভেদে সোৱাদ সুকীয়া হয়৷ কণীত ১৪০ কেলৰি এলাৰ্জি, ০.৭২ গ্ৰাম কাৰ্বহাইড্ৰেট, ১২.৫৬ গ্ৰাম প্ৰ’টিন, ১২.৫১ গ্ৰাম ফেট, ১৯৮ মিলিগ্ৰাম ফচফৰাছ, ১৩৮ মিলিগ্ৰাম পটাচিয়াম, ১.২৯ মিলিগ্ৰাম জিংক পোৱা যায়৷ এতিয়া কথা হ’ল অমলেট, সিদ্ধ আৰু পোচ কোন প্ৰকাাৰে কণী খালে ইয়াৰ সম্পূৰ্ণ উপকাৰ পোৱা যায়৷ জানিব পৰা মতে কণী অমলেট কৰি নহয়, সিদ্ধ বা পোচ কৰি খোৱাটোহে আদৰ্শ বুলি ক’ব পাৰি৷ কাৰণ অধিক তাপমাত্ৰাই কণীৰ প্ৰ’টিন আৰু ভিটামিনবোৰ নষ্ট কৰি পেলায়৷ ইয়াৰ উপৰি কণী অমলেট কৰিলে তাত যোগ হয় অতিৰিক্ত তেল, যিয়ে কেলৰিৰ ভেলু বঢ়াই দিয়ে৷
আনহাতে আজিকালি বজাৰত ৰঙা, বগা, বিবিধ ৰঙৰ কণী, আকৃতিৰ ক্ষেত্ৰত সৰু-ডাঙৰ আদিয়ে কেতিয়াবা বিভ্ৰান্তিত পেলায়৷ কিয়নো কোনবিধ বেছি স্বাস্থ্যসন্মত মনত তাক লৈ প্ৰশ্ন আহে৷ প্ৰকৃতপক্ষে কণীৰ ৰঙৰ প্ৰভেদক লৈ মুৰ্গীৰ প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰে৷ যেনে– হোৱাইট লেগহৰ্ন মুৰ্গীয়ে সকলো সময়তে বগা ৰঙৰ কণী দিয়ে৷ ইয়াৰ বিপৰীতে প্লিমাইথ ৰক জাতৰ মুৰ্গীয়ে ব্ৰাউন ৰঙৰ কণী পাৰে৷ কণীৰ ৰং প্ৰধানকৈ কেনে হয়, সেইটো মুৰ্গীৰ দেহত থকা প্ৰকট ৰঞ্জক পদাৰ্থৰ ওপৰত নিৰ্ভৰশীল৷ যেনে– ব্ৰাউন ৰঙৰ কণীৰ খেলাত প্ৰ’ট’পৰফাইৰিন ৯ নামৰ ৰঞ্জক পদাৰ্থ থাকে বাবে এই কণীৰ খোলাৰ বৰণ ব্ৰাউন হয়৷ আনহাতে বগা ৰঙৰ কণীৰ খোলাত কোনোধৰণৰ ৰঞ্জক নাথাকে বাবে ইয়াৰ বৰণ বগা হয়৷ আনহাতে আপুনি কি মুৰ্গীৰ কণী খাইছে সেইটোহে স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰে৷ মুৰ্গী যদি সূৰ্যৰ পোহৰ থাকে, তেতিয়াহ’লে সেই মুৰ্গীৰ কণীত ভিটামিন-ডিৰ পৰিমাণ বেছি থাকে৷ ইয়াৰ উপৰি মুৰ্গীক যদি ওমেগা থ্ৰী ফেটি এচিডসমৃদ্ধ খাদ্য দিয়ে, তেন্তে সেই মুৰ্গীৰ কণীত ওমেগা থ্ৰী ফেটি এচিডৰ পৰিমাণ বেছি থাকিব৷ আমেৰিকাৰ হাৰ্ট এছ’চিয়েশ্যনৰ নতুন গৱেষণাত প্ৰকাশ পোৱা মতে ডায়েবেটিছ আৰু হাৰ্টৰ অসুখত কণীৰ বগা অংশ অত্যন্ত প্ৰয়োজনীয় বুলি জানিবলৈ দিয়ে৷ আনহাতে কণীৰ কুহুমত কলেষ্টৰেল, ছডিয়াম, পটাচিয়ামসহ বিভিন্ন মিনাৰেল অধিক পৰিমাণ পোৱা যায় বাবে সপ্তাহৰ তিনি দিনৰ বেছি কণীৰ কুহুম খোৱা উচিত নহয় বুলিও জানিবলৈ দিছে৷