চলিত বছৰৰ ডিচেম্বৰৰ ভিতৰত প্ৰতিজন ভাৰতীয়ক কৰ’নাৰ ভেক্চিন দিয়া হ’ব৷ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে এই কথা প্ৰকাশ কৰে৷ তেওঁ লগতে কয় যে ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷ এখন সংবাদমেলত জাভড়েকাৰে লগতে কয় যে ডিচেম্বৰৰ ভিতৰত দেশত ২১৬ কোটি ড’জ ভেক্চিন উৎপাদন কৰা হ’ব৷ এই ভেক্চিনেৰে ১০৮ কোটি লোকৰ টিকাকৰণ কৰিব পৰা হ’ব৷ উল্লেখ্য যে ৰাষ্ট্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে যোৱা সপ্তাহত এইবুলি কৈছিল যে ভাৰতে ডিচেম্বৰৰ ভিতৰত ২১৬ কোটি ড’জ ভেক্চিন লাভ কৰিব৷ চৰকাৰে সম্পূৰ্ণ সামৰ্থ্যৰে টিকাকৰণ অভিযান চলোৱাৰ সিদ্ধান্ত লৈছে বুলিও মন্ত্ৰীজনে উল্লেখ কৰে৷ ইফালে দেশত ভেক্চিনৰ নাটনি হোৱা বুলি অভিযোগৰ উত্তৰ দি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ হাতত কৰ’নাৰ ১.৮৪ কোটি ড’জ ভেক্চিন মজুত আছে৷ স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি, নষ্ট হোৱা ড’জকে ধৰি এতিয়ালৈকে মুঠ ২০,৪৮,০৪,৮৫৩ ড’জ ভেক্চিন ব্যৱহাৰ কৰা হৈছে৷ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ আৰু ৩,২০,৩৮০ ড’জ ভেক্চিন অহা তিনি দিনৰ ভিতৰত প্ৰেৰণ কৰিব বুলি লগতে তেওঁ জনায়।