আমাৰ সৌৰজগতৰ গ্ৰহবোৰৰ ভিতৰত শনিৰ আটাইতকৈ বেছি উপগ্ৰহ আছে৷ ইয়াৰ আগতে ৯৫টা উপগ্ৰহৰে বৃহস্পতি সৌৰজগতৰ আটাইতকৈ বেছি উপগ্ৰহ থকা গ্ৰহ আছিল৷ শেহতীয়াভাৱে শনিৰ ৬২টা নতুন উপগ্ৰহ আৱিষ্কাৰ কৰা হৈছে৷ ইয়াকে ধৰি শনিৰ মুঠ উপগ্ৰহৰ সংখ্যা ১৪৫টালৈ বৃদ্ধি পালে৷ ইয়াৰ লগে লগে শনি সৌৰজগতৰ আটাইতকৈ বেছি উপগ্ৰহ থকা গ্ৰহ হিচাপে বিবেচিত হয়৷ ইণ্টাৰনেশ্যনেল এষ্ট্ৰ’নমিকেল ইউনিয়নৰ মতে এতিয়া সৌৰজগতৰ গ্ৰহবোৰৰ ভিতৰত শনিৰ আটাইতকৈ বেছি উপগ্ৰহ আছে৷ ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিদ অধ্যাপক ব্ৰেট গ্লেডমেনে কয় যে শনিয়ে নিজৰ উপগ্ৰহৰ সংখ্যা দুগুণলৈ বৃদ্ধি কৰাৰ লগতে সৌৰজগতৰ বেছি উপগ্ৰহ থকা গ্ৰহ হিচাপে পৰিগণিত হ’ল৷ তেওঁ লগতে এই কথাও কয় যে শনিৰ এই নতুন উপগ্ৰহবোৰৰ অচিৰেই গেলিক, নাৰ্ছৰ দৰে নামকৰণ কৰা হ’ব৷