অভিলেখ : দেশত ৩২৯৭ লাখ টন খাদ্যশস্য উৎপাদন

0
469


কেন্দ্ৰীয় কৃষি মন্ত্ৰ্যালয়ে কয় যে ২০২২-২৩ বৰ্ষত দেশখনত মুঠ ৩২৯৭ লাখ টন খাদ্যশস্য উৎপাদনত হোৱা বুলি আনুমানিক হিচাপ কৰা হৈছে৷ এইটো এটা নতুন অভিলেখ৷ খাদ্যশস্যৰ উৎপাদন ২০২১-২২ বৰ্ষতকৈ প্ৰায় ১৪১ লাখ টন বেছি হয়৷ তদুপৰি যোৱা পাঁচ বছৰৰ গড় উৎপাদনতকৈ ২০২২-২৩ বৰ্ষত খাদ্যশস্যৰ উৎপাদন ৩০০ লাখ টন বেছি৷ মন্ত্ৰ্যালয়ে ২০২২-২৩ বৰ্ষৰ প্ৰধান শস্যবোৰৰ চূড়ান্ত আনুমানিক উৎপাদনৰ তথ্য প্ৰকাশ কৰে৷ সেই অনুসৰি ২০২২-২৩ বৰ্ষত চাউল উৎপাদন হয় প্ৰায় ১৩৫০ লাখ টন, ঘেঁহু উৎপাদন হয় প্ৰায় ১১ লাখ টন আৰু দাইল উৎপাদন হয় প্ৰায় ২৬০ লাখ টন৷ কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কয় যে কেন্দ্ৰীয় চৰকাৰে আঁচনি আৰু কাৰ্যসূচীবোৰ সুচাৰুৰূপে ৰূপায়ণ কৰিছে৷ যাপ ফলত খাদ্যশস্যৰ অভিলেখ উৎপাদনকে ধৰি কৃষি খণ্ডত প্ৰত্যেকৰে প্ৰচেষ্টা প্ৰতিফৱিত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here