মহাৰাষ্ট্ৰৰ ছাংলী জিলাৰ এখন গাঁৱে সম্প্ৰতি ডিজিটেল সঁজুলিৰ প্ৰতি বৃদ্ধি পোৱা আসক্তি দূৰ কৰিবলৈ এক অভিনৱ ব্যৱস্থা গ্ৰহণ কৰিছে৷ জিলাখনৰ মোহিত্যাঞ্চে বডগাঁৱত প্ৰতিদিনে সন্ধিয়া সাত বজাৰ লগে লগে ছাইৰেন বাজে আৰু ইয়াৰ লগে গাঁওবাসীয়ে নিজৰ ম’বাইল, টিভিকে ধৰি সকলো ইলেক্টªনিক তথা ডিজিটেল সঁজুলি বন্ধ কৰি দিয়ে৷ গাঁওবাসীয়ে ডেৰ ঘণ্টাৰ বাবে সকলো সঁজুলি নিজৰ পৰা নিলগাই ৰাখে৷ সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি গাঁওপ্ৰধান বিজয় মোহিতেই এবাৰ পৰীক্ষামূলকভাৱে এই পদক্ষেপ গ্ৰহণ কৰিছিল৷ এতিয়া গাঁও পৰিষদে ইয়াক গ্ৰহণ কৰি এক অনিবাৰ্য প্ৰথাৰ ৰূপ দিয়ে৷ ইয়াৰ উদ্দেশ্য হ’ল গাঁওখনৰ শিশুসকলৰ মনোযোগ ইণ্টাৰনেত তথা ম’বাইলৰ পৰা আঁতৰাই পঢ়া-শুনাত নিবদ্ধ কৰা৷ আনহাতে গাঁওখনৰ জ্যেষ্ঠ তথা বৃদ্ধসকলে আলোচনা-বিলোচনা কৰাৰ লগতে পঢ়া-শুনাৰ দৰে বৌদ্ধিক কাম-কাজৰ বাবে উৎসাহিত কৰে৷ গাঁওপ্ৰধানজনে প্ৰকাশ কৰা অনুসৰি কভিড মহামাৰীৰ পিছত যেতিয়া স্কুলত শ্ৰেণী আৰম্ভ হ’ল তেতিয়া শিক্ষক-শিক্ষয়িত্ৰীসকলে অনুভৱ কৰিলে ছাত্ৰ-ছাত্ৰীসকল এলেহুৱা হৈ পৰিছে আৰু পঢ়া-শুনা কৰিবলৈ নিবিচাৰে৷ অধিকাংশ শিশু স্কুললৈ অহাৰ আগতে আৰু স্কুল ছুটীৰ পাছত ম’বাইলক লৈ ব্যস্ত হৈ থাকে৷ তেওঁ লগতে কয় যে গাঁওখনৰ অধিকাংশ লোকৰ ঘৰতে শিশুৰ পঢ়া-শুনা কৰাৰ কাৰণে সুকীয়া কোঠাৰ অভাৱ৷ সেয়েহে তেওঁ ডিজিটেল সঁজুলিৰ প্ৰতি থকা আসক্তি দূৰ কৰাৰ কথা ভাবিলে আৰু এই পদক্ষেপ গ্ৰহণ কৰিলে৷ প্ৰথমে গাঁওবাসীয়ে মোহিতৰ এই পদক্ষেপক সন্দেহৰ চকুৰে চাইছিল৷ পাছত গাঁৱৰ জ্যেষ্ঠ লোকসকল, আশা কৰ্মী, অংগনৱাড়ী সহায়িকা আৰু অৱসৰপ্ৰাপ্ত শিক্ষকসকলে এই পদক্ষেপৰ সুবিধাসমূহৰ বিষয়ে গাঁওবাসীক বুজাই দিয়াৰ লগতে ইয়াৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সক্ষম হ’ল আৰু তেতিয়া সকলোৱে ইয়াক মানি চলিবলৈ সন্মতি জনালে৷ এতিয়া গাঁওখনত সন্ধিয়া সাত বজাৰ লগে লগে সকলোৱে ম’বাইল, টিভি আদি বন্ধ কৰি তাৰ আঁতৰত থাকে আৰু পঢ়া-লিখা তথা আলোচনাৰ প্ৰতি মনোযোগ দিয়ে৷ এই পদক্ষেপ সকলোৱে মানি চলিছে নে নাই সেইটো নিৰীক্ষণ কৰিবলৈ এখন কমিটী গঠন কৰি লোৱা হৈছে৷