গোলকীয় উষ্ণতা বৃদ্ধিৰ সমান্তৰালভাৱে বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনে বিগত কেইবছৰ ধৰি অসমৰ লগতে সমগ্ৰ দেশৰে চাহ খেতিত বিৰূপ প্ৰভাৱ পেলাইছে৷ বিশেষকৈ দেশৰ মুঠ চাহ উৎপাদনৰ ৫০ শতাংশ অধিক অসমৰ চাহে অৱদান আগবঢ়াই অহাৰ সময়তে স্বাস্থ্যসন্মত চাহৰ গুণাগুণ ৰক্ষা কৰাত সময়ে সময়ে নেতিবাচক প্ৰভাৱ পৰাৰ লগতে উৎপাদন ব্যয় যথেষ্ট বৃদ্ধিয়েও চাহ উদ্যোগলৈ প্ৰত্যাহবান কঢ়িয়াই আনিছে৷ আনহাতে জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তনৰ ফলত চাহগছ তথা কোমল চাহপাতৰ অনিষ্টকাৰী পোক-পৰুৱা, কীট-পতংগৰ ক্ৰমবৰ্ধমান উপদ্ৰৱেও চাহ খেতিয়কসকলৰ উদ্বিগ্ন কৰি তুলিছে৷ এইদৰে চাহপাতৰ অনিষ্টকাৰী কীট-পতংগ নিয়ন্ত্ৰণৰ বাবে মাত্ৰাধিক কীটনাশক, ৰাসায়নিক পদাৰ্থ প্ৰয়োগ কৰিবলগীয়া হোৱাত চাহৰ ঔষধি তথা প্ৰাকৃতিক গুণাগুণ নষ্ট হোৱা পৰিলক্ষিত হৈছে৷ এনে সময়তে বিশ্বপ্ৰসিদ্ধ টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানে অসমৰ লগতে দেশৰ চাহ উদ্যোগৰ বাবে অতিশয় আশাৰ বতৰা কঢ়িয়াই আনিছে৷ বিশেষকৈ চাহপাতৰ অনিষ্টকাৰী কীট-পতংগ নিৰ্মূল তথা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত প্ৰাকৃতিক পৰিৱেশৰ ক্ষতিকাৰক আৰু চাহৰ বাবে মাৰাত্মক ৰাসায়নিক কীটনাশক বিভিন্ন ঔষধ প্ৰয়োগ কৰা হৈছিল৷ শেহতীয়াভাৱে চাহপাতৰ অনিষ্টকাৰী কীট-পতংগ নিয়ন্ত্ৰণৰ বাবে প্ৰাকৃতিক পৰিৱেশত উপলব্ধ আন এক কীট-পতংগ আৱিষ্কাৰ কৰি চাহ বাগিচাৰ প্ৰয়োগ কৰিবলৈ সক্ষম হোৱাটো টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠান অন্য এক সফলতাৰূপে বিবেচিত হৈছে৷ উল্লেখ্য যে টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানৰ কীট পতংগ বিজ্ঞান বিভাগে দীৰ্ঘদিন ধৰি কৰা গৱেষণা তথা পৰীক্ষাগাৰত যাৱতীয় পৰীক্ষা-নিৰীক্ষা কৰাৰ পাছত চাহ গছৰ অনিষ্টকাৰী কীট-পতংগ নিয়ন্ত্ৰণ বা নিৰ্মূল কৰাত ব্যৱহাৰ কৰিব পৰা অসমৰ প্ৰাকৃতিক পৰিৱেশত উপলব্ধ ‘ছাইকেনাছ কলাৰিছ’ [Sycanus collaris] নামৰ কীটবিধ আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়৷ এই কীটবিধৰ কাম-কাজ গৱেষণাগাৰত পৰীক্ষা কৰি জৈৱিক চাহ উৎপাদনকাৰী চাহ বাগিচাত প্ৰথমবাৰৰ বাবে মুকলি কৰি দিয়ে৷ এই কীটবিধে চাহ খেতিত ব্যাপক অনিষ্ট সাধন কৰা লুপাৰ, ৰেডস্পাইডাৰ, হেল’ফেলিটিছ আদি পোক-পতংগ ভক্ষণ কৰাৰ ফলত চাহগছে সতেজ আৰু সজীৱ গতি লাভ কৰিবলৈ সক্ষম হ’ব বুলি প্ৰতিষ্ঠানটোৰ ফালৰ পৰা সদৰী কৰিছে৷