বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে বিবাহৰ প্ৰতি যেন আগ্ৰহ কমি হৈছে নতুন প্ৰজন্মৰ যুৱক-যুৱতীৰ৷ উপযুক্ত বয়সত বিবাহৰ কথা ক’লে কৰ্মসংস্থাপন, আৰ্থিক নাটনি আদি বিভিন্ন কাৰণ প্ৰদৰ্শন কৰে৷ অৰ্থাৎ উপযুক্ত বয়সতো যুৱক-যুৱকীসকলে বিবাহত বহিবলৈ অনিচ্ছুক প্ৰকাশ কৰে৷ এই ক্ষেত্ৰত দক্ষিণ কোৰিয়াৰ যুৱক-যুৱতী আৰু এখোপ চ’ৰা৷ বিবাহৰ প্ৰতি মুঠেও আগ্ৰহী নহয় দক্ষিণ কোৰিয়াৰ যুৱ প্ৰজন্ম৷ দেশখনত যোৱা বছৰটোত অভাৱনীয়ভাৱে বিবাহ হ্ৰাস পাইছে৷ ইয়াৰ লগে লগে দেশখনত শিশুৰ জন্মৰ হাৰো অভাৱনীয়ভাৱে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷ সেয়ে এই কথাটোক লৈ এতিয়া বিশেষজ্ঞসকল চিন্তিত হৈ পৰিছে৷ আনহাতে দেশখনত কম বয়সীয়া লোকৰ সংখ্যা কমি অহাৰ লগতে বৃদ্ধ লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ পৰিসংখ্যা মতে দেশখনত ১০ বছৰত বিবাহ ৪০ শতাংশপৰ্যন্ত হ্ৰাস পাইছে৷