অভাৱনীয়ভাৱে বাঢ়িছে মহিলাৰ স্তন কেঞ্চাৰ

0
364

সমগ্ৰ বিশ্বতে কৰ্কট ৰোগে ভয়ংকৰৰূপে দেখা দিছে৷ বৰ্তমান এই ৰোগৰ চিকাৰ হৈ কোটিৰ হিচাপত মানুহৰ মৃত্যু ঘটিছে৷ কালৰূপী এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰা নাই৷ মুঠতে মাৰাত্মক ব্যাধি হৈ পৰিছে কেঞ্চাৰ ৰোগ৷ আনহাতে মহিলাসকলৰ ক্ষেত্ৰত অভাৱনীয়ভাৱে স্তন কেঞ্চাৰত ভোগা মহিলাৰ সংখ্যা বৃদ্ধি পাইছে৷ স্তনৰ কেঞ্চাৰ এবিধ মাৰাত্মক তথা যন্ত্ৰণাদায়ক ৰোগ৷ সাধাৰণতে ছোৱালীৰ বয়স ১০-১৩ বছৰ হ’লে অৰ্থাৎ যৌৱনপ্ৰাপ্ত হ’লে স্তনৰ বিকাশ হ’বলৈ আৰম্ভ কৰে৷ সেই অনুসৰি বয়স বাঢ়ি অহাৰ লগে লগে স্তনৰ গঠন তথা স্তনৰ পূৰ্ণতাপ্ৰাপ্ত হয়৷ ইয়াৰ পৰৱৰ্তী সময়ত বিবাহিত মহিলাসকলৰ ক্ষেত্ৰত গৰ্ভাৱস্থাত স্তন দুটিয়ে শিশুৰ গাখীৰ উৎপাদনৰ বাবে পূৰ্ণতা লাভ কৰে৷ সাধাৰণতে মহিলাসকলৰ স্তনৰ তিনিটা অংশৰে গঠিত৷ স্তনৰ কৰ্কট হ’লে সেই তিনিটা অংশ ক্ৰমে গ্ৰন্থিময় কোষকলা বা পেৰেনকাইমা, মূল বা ভিত্তি তন্তু আৰু ত্বক এইকেইটা অংশৰ ক্ষতিসাধন হয়৷ স্তন কেঞ্চাৰ হ’লে শান্ত বা দুষ্ট দুইধৰণৰ অৰ্বুদৰ সৃষ্টি হয়৷ মহিলাসকলৰ ধাতুগত প্ৰৱণতা থাকিলে কেতিয়াবা শান্ত অৰ্বুদবোৰ দুষ্ট অবুৰ্দলৈ পৰিণত হয়৷ জৰায়ুৰ পাছতেই বেছিভাগ মহিলাই স্তনৰ কেঞ্চাৰত আক্ৰান্ত হোৱা দেখা যায়৷ সাধাৰণতে স্তন গ্ৰন্থিৰ বহিঃস্তকীয় কোষত এইবিধ ৰোগৰ আৰম্ভণি হয়৷ ৪০-৫০ বছৰীয়া মহিলাসকলে সাধাৰণতে এইবিধ অবুৰ্দত অধিক আক্ৰান্ত হয়৷ তেনে অৱস্থাত স্তনৰ ভিতৰভাগ অথবা ছালৰ ঠিক তলৰফালে কঠিন অবুৰ্দৰ সৃষ্টি হয় আৰু ক্ৰমান্বয়ে বাঢ়ি গৈ ছালত সংলগ্ন হৈ পৰে৷ ছালৰ বৰণ সামান্য ধোঁৱা বৰণীয়া হয়৷ ছাল আৰু কলাসমূহত এই অবুৰ্দ খামুুচি ধৰাৰ ফলত বেজীয়ে বিন্ধাৰ দৰে বিষ অনুভৱ হয়৷ আনহাতে কেঁচুৱাই গাখীৰ খাই থকা স্তন কোমল তথা বিষযুক্ত হয়৷ স্তনবৃন্তৰে তেজমিশ্ৰিত স্ৰাৱ নিঃসৰণ হয়৷ স্তনৰ বৃন্তৰ জোঙা আগটো ক্ৰমান্বয়ে ভিতৰলৈ সোমাই যায় আৰু এটা সময়ত নাভীৰ দৰে গাঁত হৈ পৰে৷ এনেকৈ এটা স্তনৰ পৰা আনটো স্তনলৈ ৰোগ বিয়পি পৰে৷ ৰোগ লাহে লাহে বাঢ়িবলৈ ধৰাত বিষ-কোপৰ যন্ত্ৰণা অসহ্যকৰ হৈ পৰে৷ স্তনৰ ফোহাবোৰ কেতিয়াবা ফাটি গৈ ছালৰ ফুটা গভীৰ হ’ব পাৰে আৰু সেই ক্ষতস্থানৰ পৰা অসহ্য দুৰ্গন্ধ বাহিৰ হ’ব পাৰে৷ ইয়াৰ লগতে এই স্থানৰ পৰা প্ৰচুৰ পৰিমাণে ৰক্তক্ষৰণো হ’ব পাৰে৷ সেয়ে ৰোগৰ আৰম্ভণিতে এইধৰণৰ স্তনৰ লক্ষণ দেখা দিলেই অলপো পলম নকৰি চিকিৎসকলৰ ওচৰ চপাটো অত্যন্ত গুৰুত্বপূৰ্ণ৷ তেনে সময়ত ৰোগৰ বিস্তাৰ নহওঁতেই ইয়াৰ পুলি পোখা আঁতৰ কৰি সুফল পাব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here