প্ৰকৃতিৰ সৃষ্টি ৰহস্যময়৷ জীৱ-জন্তু, গছ লতিকা আদি সকলোৱে নিজা নিজা বৈশিষ্ট্য আছে৷ এটাৰ লগতে আনটো নিমিলে৷ এইখন প্ৰকৃতিৰ এনে কিছুমান কীট- পতংগ আছে, যাক ধৰিব নোৱাৰে এইবোৰ কিমান বিষাক্ত৷ দেখাত ধুনীয়া দেখা এনে কীট-পতংগ আপোনাৰ বাবে বিপজ্জনক হ’বও পাৰে৷ সেয়েহে অচিনাকি কীট-পতংগৰ পৰা সাৱধান হোৱা দৰকাৰ৷ এই পৃথিৱীৰ এনে পোক আছে, যিয়ে আপোনাৰ খাদ্যাভ্যাসৰ সলনি কৰি দিব পাৰে৷ হয়, শুনিলে আচৰিত যেন লাগিলেও এয়াই সঁচা৷ আমেৰিকাৰ মধ্য পূব বা দক্ষিণ পূব অঞ্চলত এনেধৰণৰ পোক পোৱা যায়৷ লন ষ্টাৰ টিক নামৰ এই পোকবিধ ইমানেই বিষাক্ত যে ই কামুৰিলে আপোনাৰ খাদ্যাভ্যাস সলনি হ’ব পাৰে৷ দেখিবলৈ ক্ষুদ্ৰ আকৃতিৰ এই কীটবিধৰ পিঠিত এটা বগা দাগ থাকে৷ ইয়াৰ বৈজ্ঞানিক নাম এম্বলিয়’মা এমেৰিকানাম৷ এই পোকবিধে লাইম ডিজিজৰ সংক্ৰমণ কৰে৷ এই পোকবিধে কামোৰাৰ ফলত ছালত ৰঙা খমলা বান্ধে, মূৰ আৰু ডিঙিৰ বিষ হোৱাৰ লগতে পাছত শৰীৰটোৱে লৰাব নোৱাৰা অৱস্থা হয়৷ ইয়াৰ লগতে শৰীৰৰ অভ্যন্তৰীণতো সংক্ৰমণ আৰম্ভ হয়৷ কীটবিধৰ শৰীৰৰ এবিধ বিশেষ শৰ্কৰা থাকে, যাক আলফা জেল বুলি কোৱা হয়৷ এই আলফা জেল মানুহৰ শৰীৰৰ মিহলি হোৱাৰ লগে লগে শৰীৰত ইয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ এণ্টিবডীৰ সৃষ্টি হয়৷ এই ৰসায়নবিধ ছাগলী, গাহৰিৰ মাংসৰ লগতে দুগ্ধজাত সামগ্ৰীত পোৱা যায়৷ যেতিয়া এনেধৰণৰ খাদ্যৰ লগত আলফা জেল শৰীৰত প্ৰৱেশ কৰে, তেতিয়া এণ্টিবডীয়ে ইয়াক বাধা দিয়ে৷ ইয়াৰ ফলত এলাৰ্জিৰ সৃষ্টি হয়৷ যাৰ বাবে এই কীটে কামোৰা ব্যক্তিৰ মাংসৰ প্ৰতি এলাৰ্জিৰ সৃষ্টি হয়৷