অবিশ্বাস্য! বছৰি ১০ লাখ টন প্লাষ্টিক সাগৰত পেলায় আমেৰিকাই

0
1782

আধুনিক যুগত প্ৰদূষণে প্ৰকৃতিলৈ ঘোৰ অন্ধকাৰ নমাই আনিছে৷ ইয়াৰ ফল গোটেই বিশ্বই ভোগ কৰিবলগীয়া হৈছে৷ প্লাষ্টিক– প্ৰদূষণ সৃষ্টিকাৰীৰ ভিতৰত অন্যতম৷ প্লাষ্টিক এবিধ জৈৱিক পদাৰ্থ৷ ইয়াৰ দহনৰ ফলত ওলোৱা কাৰ্বন-ডাই-অক্সাইড বা অন্য বিষাক্ত গেছে প্ৰদূষণ সৃষ্টিত অৰিহণা যোগায়৷ দৈনন্দিন জীৱনত প্লাষ্টিক অত্যধিক ব্যৱহাৰ কৰাৰ বাবে পৃথিৱীত প্ৰদূষণৰ মাত্ৰা যথেষ্ট পৰিমাণে বাঢ়িছে৷ আজি প্ৰদূষণক লৈ বিশ্বৰ সকলো দেশে চিন্তান্বিত হৈছে আৰু ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি, তাৰ বাবে বিভিন্ন কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে৷ ইয়াৰ মাজতে আমেৰিকাৰ দৰে এখন উন্নত দেশে প্লাষ্টিকক লৈ কৰা অবিবেচকী কাণ্ডই সকলোকে ভবাই তুলিছে৷ তথ্য মতে আমেৰিকানবাসীয়ে বছৰি ১০ লাখ টন প্লাষ্টিক সাগৰত পেলায়৷ 'ছায়েন্স এডভান্সছ' নামৰ জাৰ্নালখনৰ এক প্ৰতিবেদন মতে, আমেৰিকা যুক্তৰাষ্টৰ নাগৰিকে বছৰি ১৩০০টা প্লাষ্টিকৰ বেগ সমুদ্ৰ নাইবা অন্য ঠাইত পেলায়৷ উল্লেখিত প্ৰতিবেদনখন প্ৰস্তুত কৰিছিল জৰ্জিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক জেনা জাম্বেক আৰু তেওঁৰ কেইগৰাকীমান সহযোগী গৱেষকে৷ উল্লেখ্য যে গোটেই বিশ্বত প্ৰায় ১৬ লাখ টন প্লাষ্টিকৰ আৱৰ্জনা সমুদ্ৰত পৰে৷ শেহতীয়াকৈ প্ৰকাশ পোৱা এনে প্ৰতিবেদনে বিশ্ববাসীক শংকিত কৰি তুলিছে, কিয়নো ইয়াৰ ফলত হ’ব পৰা কুপ্ৰভাৱৰ ফল সকলোৱে ভোগ কৰিবলগীয়া হ’ব৷ সেয়েহে আহক-- অলাগতিয়াল তথা অব্যৱহাৰ্য প্লাষ্টিকৰ আৱৰ্জনা য’তে-ত’তে নেপেলাই পুুৰি অথবা বৈজ্ঞানিকভাৱে নিষ্কাশন কৰি আমি আমাৰ চৌপাশৰ পৰিৱেশ প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ যত্ন কৰোঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here