সম্প্ৰতি বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছে যে সমুদ্ৰৰ অন্ধকাৰ গভীৰতাত ধাতৱ বস্তুবোৰে অক্সিজেন প্ৰস্তুত কৰিছে৷ অদ্ভুত এই ঘটনাটো নিখুঁতভাৱে জনাৰ বাবে সমুদ্ৰৰ গভীৰতম অংশবোৰক লৈ অধ্যয়ন কৰাৰ পৰিকল্পনা কৰিছে বিজ্ঞানীয়ে৷ গৱেষকে জনোৱা মতে এই মিছন অন্যান্য গ্ৰহতো জীৱৰ সম্ভাৱনা সম্পৰ্কে মানুহৰ দৃষ্টিভংগীৰ সলনি হ’ব পাৰে৷ প্ৰাথমিকভাৱে আৱিষ্কাৰটো সামুদ্ৰিক বিজ্ঞানীসকলৰ বিভ্ৰান্ত কৰিছে৷ কিয়নো আগতে জনা মতে সূৰ্যৰ পোহৰত অক্সিজেন কেৱল উদ্ভিদৰ দ্বাৰা উৎপাদিত হ’ব পাৰে, যাক সালোকসংশে¡ষণ প্ৰক্ৰিয়া বুলি জনা যায়৷ গৱেষকে বিশ্বাস কৰিছে যে জীৱনৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ উপাদান এই অক্সিজেন অন্ধকাৰ ধাতৱ পিণ্ডৰ দ্বাৰাও প্ৰস্তুত কৰা হয়৷ সেয়ে অক্সিজেন সমৃদ্ধ পৰিৱেশ আনভাৱে প্ৰস্তুত হ’ব পাৰে, যিয়ে জীৱনৰ বিকাশ ঘটাব পাৰে৷ প্ৰধান গৱেষক অধ্যাপক এণ্ড্ৰু ছুইচমেনে কৈছে যে নাছাৰ বিশেষজ্ঞৰ সৈতে ডাৰ্ক অক্সিজেন সম্পৰ্কে আলোচনা কৰা হৈছে৷ ইয়াৰ লগতে সূৰ্যৰ পোহৰ অবিহনে আন গ্ৰহত কিদৰে জীৱ নিৰ্বাহ কৰিব পাৰিব, সেই ধাৰণা সম্পৰ্কেও নতুনকৈ বিবেচনা কৰা হ’ব৷ উল্লেখ্য যে ডাৰ্ক অক্সিজেনৰ আৱিষ্কাৰে বিশ্বব্যাপী বিতৰ্কৰ সূত্ৰপাত হৈছে আৰু প্ৰশ্ন উঠিছে যে আচলতে যদি সমুদ্ৰৰ চৰম গভীৰতাত সম্পূৰ্ণ অন্ধকাৰত অক্সিজেন উৎপাদন হয়, তেনেহ’লে ইয়ে সমুদ্ৰৰ তলত জীৱ বচাই ৰাখিব পাৰিব অথবা বিকাশ লাভ কৰিব পাৰে৷ আনহাতে অধ্যাপক ছুইটমেনে জনোৱা মতে তেওঁলোকৰ ওচৰত এনে যন্ত্ৰপাতি আছে, যি সমুদ্ৰৰ গভীৰতম অংশলৈ যাবলৈ সক্ষম৷ সেয়ে যাৰ্ক অক্সিজেন প্ৰস্তুত হোৱা অংশলৈ গৈ তাত কিদৰে এই প্ৰক্ৰিয়া ঘটিছে, সেই বিষয়ে গৱেষণা কৰিব পাৰিব৷ বিজ্ঞানীয়ে গৱেষণাগাৰত সমুদ্ৰৰ তলৰ পানীত পোৱা ধাতৱ পিণ্ডবোৰ সংগ্ৰহ কৰি পৰীক্ষা-নিৰীক্ষা চলায়৷ তাৰ পৰাই সিদ্ধান্তত উপনীত হয় যে ধাতৱ পিণ্ডবোৰেই সমুদ্ৰৰ পানীৰ পৰা অক্সিজেন প্ৰস্তুত কৰে৷ বিজ্ঞানীয়ে জনায় যে ধাতৱ পিণ্ডবোৰ বৈদ্যুতিক স্ৰোত সৃষ্টি কৰে, যি সমুদ্ৰৰ পানীৰ অণুবোৰক হাইড্ৰজেন তথা অক্সিজেনত বিভক্ত কৰিব পাৰে৷