অনৱৰতে মন ভাল নালাগে, অলপতে খং উঠে : কিয় ?

0
15

প্ৰায়ক্ষেত্ৰতে দেখা যায় যে জীৱন-জীৱিকাৰ বাবে অফিচ-কাছাৰীত গোটেই দিনটো কাম কৰি অফিচ ছুটীৰ পাছত মন-মেজাজ ভালে নাথাকে৷ ঘৰলৈ আহি খিংখিঙিয়া হৈ পৰে৷ যিকোনো কথাতে খং উঠে, ধৈৰ্যশক্তি কমি যায়৷ আজিকালি যুৱক-যুৱতীয়ে সামান্য কষ্ট কৰা কাম কৰিলেই বা পৰিশ্ৰম কৰিলেই ক্লান্ত হয়, ভাগৰি পৰে৷ কোনো শাৰীৰিক অথবা মানসিক কাৰণ নোহোৱাকৈয়ে অলপ কাম কৰিলেই ভাগৰুৱা হয়৷ চিকিৎসকৰ কাষ চাপিলেই ইয়াৰ আচল কাৰণটো ওলাই পৰে৷ আচলতে শৰীৰত ভিটামিন-ডিৰ অভাৱ হোৱা বাবেই তেনে লোকক মানসিক অৱসাদ তথা ক্লান্তিয়ে গ্ৰাস কৰিছে৷ অকল এইধৰণৰ সমস্যাই নহয়, শৰীৰত ভিটামিন-ডিৰ অভাৱ হ’লে শৰীৰত দেখা দিব পাৰে আৰু বহুতো জটিলতা৷ আমি সুস্থ আৰু সবল হৈ থাকিবলৈ শৰীৰত প্ৰ’টিন, ভিটামিন আৰু বিভিন্ন খনিজ পৰ্যাপ্ত পৰিমাণে থকা জৰুৰী৷ এইবোৰৰ ভিতৰতে যিকোনো এবিধৰ অভাৱ হ’লেই বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷ আনহাতে শৰীৰত ভিটামিন-ডিৰ অভাৱ হ’লে ইয়াৰ প্ৰভাৱ মস্তিষ্ক ওপৰতো পৰে৷ ভিটামিন-ডিৰ নাটনি হ’লে স্নায়ু সংক্ৰান্তীয় ৰোগৰ সৃষ্টি হ’ব পাৰে৷
বয়স বৃদ্ধিৰ লগে লগে হাড়বোৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে৷ যাৰ ফলত আঁঠু, ভৰি-হাতৰ জইণ্ট, কঁকাল আদিৰ বিষ হ’বলৈ ধৰে৷ ইয়াৰ বাবে শৰীৰত পৰ্যাপ্ত মাত্ৰাত কেলচিয়াম থকা জৰুৰী৷ ভিটামিন-ডিয়ে শৰীৰত কেলচিয়াম আৰু ফচফৰাছ শোষণ নিয়ন্ত্ৰণত সহায় কৰে৷ সেয়ে এইধৰণৰ বিষ-বেদনা আৰম্ভ হ’লে ভিটামিন-ডি পৰীক্ষা কৰা ভাল৷
শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, বিভিন্ন সংক্ৰমণ তথা ৰোগৰ বিৰুদ্ধে যুঁজ কৰাত ভিটামিন-ডিয়ে মুখ্য ভূমিকা গ্ৰহণ কৰে৷ সেয়ে সঘনাই জ্বৰ, চৰ্দি, কাহ আদিত ভুগিলে শৰীৰত ভিটামিন-ডিৰ অভাৱৰ বাবে এই লক্ষণে দেখা দিব পাৰে৷
ভিটামিন-ডিৰ অভাৱ হ’লে চুলি আৰু ছালৰ ক্ষতি হ’ব পাৰে৷ সেয়ে অত্যধিক চুলি সৰা, ছালৰ ৰুক্ষতা আদি লক্ষণে দেখা দিলে অবিলম্বে ভিটামিন-ডিৰ পৰীক্ষা কৰা জৰুৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here