অনৱৰতে ভৰি লৰাই থকাৰ অভ্যাস ভাল নে বেয়া ?

0
92

মানুহৰ অংগ-প্ৰত্যংগৰ নানান অংগী-ভংগী তথা কাৰ্যকলাপ আছে৷ কিছুমানে আঙুলিৰ নখ চোবাই ভাল পায়, কিছুৱে ঘনে ঘনে চুলি নচুৱাই বা আঙুলিৰে লৰাই থকা, আন কিছুমানে আকৌ যেতিয়াই ক’ৰবাত বহে, ভৰি লৰাবলৈ আৰম্ভ কৰা আদি বিভিন্ন বদঅভ্যালে গঢ় লয়৷ এই সকলোবোৰ বদঅভ্যাসৰ ভিতৰত ভৰি লৰাই থকাটো অন্যতম৷ জ্যেষ্ঠ বা সন্মানীয় কালৈকে ভ্ৰূক্ষেপ নকৰি বহাৰ সময়ত ভৰি লৰাই থকা অভ্যাসে বিভিন্ন সময়ত লাজতো পেলায়৷ টেনশ্যন থকাৰ সময়ত এইধৰণৰ আচৰণ বেছিকৈ কৰিবলৈ লয়৷ নিজে ক’ব নোৱৰাকৈয়ে অজানিতে ভৰি লৰাই থাকে৷ অবচেতনভাৱে কেতিয়াবা এখন ভৰি বা কেতিয়াবা দুয়োখন ভৰিয়ে নচুৱাই থাকে৷ কিন্তু কিয় এনে আচৰণ কৰে সেয়াও জানিবলগীয়া কথা৷ মনোবিদে কোৱা মতে মনৰ অৱস্থাত সৈতে ভৰি নচুওৱাৰ এটা যোগসূত্ৰ আছে৷ অৱসাদ, উদ্বেগ, মানসিক চাপ, নিৰাপত্তাহীনতা, শাৰীৰিক কোনো ব্যথাৰ কাৰণেও স্থিৰ হৈ বহি থকাটো অসম্ভৱ হয়৷ বিশেষজ্ঞই কোৱা মতে দুশ্চিন্তা, মানসিক চাপ আৰু উদ্বেগৰ বহিঃপ্ৰকাশ হৈছে ভৰি লৰাই থকাৰ অভ্যাসটো৷ ভৰি লৰাই থকাটো ভাল বুলিও কৈছে বিশেষজ্ঞই৷ ভৰি নচাৰ বা জোকাৰি থকা প্ৰক্ৰিয়াৰে একঘেয়ামী বা বিৰক্তিৰ পৰা মনোযোগ আঁতৰ কৰাৰ এটা প্ৰক্ৰিয়া বুলি সদৰী কৰিছে৷ কফি বেছিকৈ সেৱন কৰা, অস্থিৰতা, মনোযোগৰ সমস্যা, উদ্বেগ আদি বৃদ্ধি পায়৷ যাৰ বহিঃপ্ৰকাশ ভৰি নচুওৱাৰ মাধ্যমেৰে ঘটে৷ একে ঠাইতে বহি থাকি বেছিক্ষণ বা বেছি সময় চলা-ফুৰা নকৰিলে তেজৰ চলাচলত সমস্যা হ’ব পাৰে৷ সিৰাৰ টান ভাব নাইবা বিভিন্ন অংশত বিষ আৰম্ভ হ’ব পাৰে৷ আনহাতে অতিৰিক্ত ভৰি লৰাই থকাটো জটিল স্নায়ুৰ ৰোগৰো ইংগিত হ’ব পাৰে৷ যাক ৰেষ্টলেচ লেগ চিনড্ৰম নামে জনা যায়৷ কম টোপনি, অনিদ্ৰা, মাত্ৰাধিক পৰিমাণে কফি সেৱন কৰা, দুশ্চিন্তা, উদ্বেগ আদিক নিয়ন্ত্ৰণ কৰিব পাৰিলে ভৰি লৰাই থকাৰ অভ্যাসৰ পৰা হাত সাৰিব পাৰি৷ গতিকে মনত ৰাখিব অত্যধিক বা অনৱৰতে ভৰি লৰাই থকাটো মুঠেও শুভকৰ্ম নহয়, ইয়াক নিয়ন্ত্ৰণৰ কৰা চেষ্টা কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here