কৰ’না ভাইৰাছৰ সংক্ৰমণত চিকিৎসাত ব্যৱহাৰ কৰা হাইড্ৰক্ল’ৰকুইনে সমগ্ৰ বিশ্বৰ ৬খন দেশৰ প্ৰায় ১৭ হাজাৰ লোকৰ প্ৰাণ ল’লে৷ শেহতীয়াভাৱে প্ৰকাশিত এটা নতুন অধ্যয়নে এই কথা প্ৰকাশ কৰিছে৷ উল্লেখ্য যে হাইড্ৰ’ক্ল’ৰকুইনে বা এইচ চি কিউ মেলেৰিয়া ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়৷ নিউজ ইউকত এই অধ্যয়নটোৰ বিষয়ে প্ৰকাশ পাইছে৷ অধ্যয়নটোৰ জৰিয়তে গৱেষকসকলে জানিব পৰা মতে ২০২০ চনৰ মাৰ্চৰ পৰা জুলাইৰ ভিতৰত কৰ’নাৰ প্ৰথমটো ঢৌৰ সময়ত কৰ’নাত আক্ৰান্ত ৰোগীক চিকিৎসালয়ত এইচ চি কিউ সেৱন কৰিবলৈ দিয়াৰ পাছত ছয়খন দেশৰ প্ৰায় ১৭ হাজাৰ লোকৰ মৃত্যু হয়৷ বায়’মেডিকেল আৰু ফাৰ্মাকোথেৰাপীৰ শেহতীয়া সংস্কৰণত এই অধ্যয়নটোৰ প্ৰতিবেদন প্ৰকাশ পাইছে৷ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি এই লোকসকলৰ মৃত্যু হয় এইচ চি কিউ সেৱনৰ ফলত মাংসপেশী দুৰ্বল হৈ পৰা আৰু হৃদস্পন্দন অনিয়মীয়া হৈ পৰা পাৰ্শ্বক্ৰিয়াৰ ফলত৷ নিউজ ইউকত প্ৰকাশ পোৱা প্ৰতিবেদনখনৰ মতে এই অধ্যয়নটো কৰা হৈছিল আমেৰিকা, তুৰস্ক, বেলজিয়াম, ফ্ৰান্স, স্পেইন আৰু ইটালীত৷ আনহাতে গৱেষকসকলে কয় যে এইচ চি কিউৰ পাশ্বৰ্ক্ৰিয়াৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ইয়াতকৈ বহুত বেছি হ’ব পাৰে, কিয়নো এই অধ্যয়নটো মাৰ্চৰ পৰা জুলাইৰ ভিতৰত বিশ্বৰ মাত্ৰ ছয়খন দেশক লৈয়ে কৰা হৈছিল৷