কম্পিউটাৰতকৈ কিতাপ পঢ়ি অধিক জ্ঞান লাভ কৰিব পাৰে বুলি ভালেমান বিশেষজ্ঞই মত পোষণ কৰে৷ তেওঁলোকৰ মতে লিখিত ৰূপত থকা শব্দ আৰু কিতাপ হ’ল আটাইতকৈ ভাল মাধ্যম৷ ইয়াৰ বিপৰীতে কম্পিউটাৰে শিশুৰ মনত বিৰূপ প্ৰভাৱহে পেলায়৷ মন কৰিবলগীয়া যে বৰ্তমান তথ্য প্ৰযুক্তিৰ উত্তৰণৰ লগে লগে ছপা কৰা কিতাপকৈ ডিজিটেল কিতাপ তথা এনেধৰণৰ পঠন সামগ্ৰী সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ গৱেষকসকলে কম্পিউটাৰ তথা ডিজিটেল মাধ্যমৰ জৰিয়তে গ্ৰহণ কৰা শিক্ষা আৰু পৰম্পৰাগত শিক্ষা গ্ৰহণ কৰা প্ৰণালীৰ মাজত কেনে ধৰণৰ প্ৰভাৱ আছে আৰn শিশুক কেনেদৰে প্ৰভাৱিত কৰে সেই বিষয়ে জনাৰ বাবে চেষ্টা কৰিছিল৷ মন কৰিবলগীয়া যে শিশুৰ শিক্ষাৰ বাবে কিতাপ অধিক উপযুক্ত নে ডিজিটেল মাধ্যম অধিক উপযুক্ত সেই বিষয়ত বিজ্ঞানী তথা বিশেষজ্ঞসকলেও কোনো স্পষ্ট মত আগবঢ়াব পৰা নাছিল৷ কিন্তু শেহতীয়াকৈ কৰা এটা অধ্যয়নৰ পৰা জানিব পৰা মতে শিশুক শিক্ষা গ্ৰহণত পাঠ্যপুথিৰ পৰিৱৰ্তে কম্পিউটাৰ ব্যৱহাৰ কৰিবলৈ দিলেও তেওঁলোকৰ শিক্ষা গ্ৰহণৰ প্ৰক্ৰিয়াটোত কোনো ধৰণৰ প্ৰভাৱ নপৰে৷ এই অধ্যয়নটো কৰা হৈছিল হণ্ডুৰাছৰ প্ৰাথমিক বিদ্যালয়সমূহত৷ তেওঁলোকক শিক্ষা গ্ৰহণৰ সময়ত পাঠ্যপুথিৰ পৰিৱৰ্তে লেপটপ ব্যৱহাৰ কৰিবলৈ দিয়া হৈছিল৷ এই অধ্যয়নটোত শিশুৰ পাঠ্যপুথিৰ জৰিয়তে শিক্ষাগ্ৰহণ আৰু লেপটপৰ জৰিয়তে শিক্ষাগ্ৰহণৰ মাজত কোনো ধৰণৰ ব্যৱধান দেখা পোৱা নগ’ল৷ ইয়াৰ অৰ্থ হ’ল লেপটপৰ ব্যৱহাৰে তেওঁলোকৰ শিকন প্ৰণালীত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ পৰা দেখা পোৱা নগৈছিল৷ এই অধ্যয়নটোৰ পৰা এই কথাও জানিব পৰা গ’ল যে শিশুকালত শিকাৰ পৰিৱেশ যিমানেই সমৃদ্ধ হয় সিমানেই অধিক শিকিব পাৰে৷ বয়স্ক লোকৰ তুলনাত শিশুৱে যিকোনো ভাষা অধিক সহজে শিকিব পাৰে৷ ইয়াৰ কাৰণ হ’ল শিশু অৱস্থাত মগজু নমনীয় হৈ থাকে৷ বিশেষজ্ঞসকলৰ মতে শিশুৱে কেনে ধৰণৰ পৰিৱেশৰ মাজত তাৰ ওপৰত মগজুৰ অৱস্থাটো নিৰ্ভৰ কৰে৷ বিভিন্ন অভিজ্ঞতাৰ পৰা বঞ্চিত শিশুৰ মগজু তুলনামূলকভাৱে অধিক অভিজ্ঞতা লাভ কৰা পৰিৱেশত থকা শিশুৰ সমান বিকশিত নহয়৷ গৱেষকসকলে হণ্ডুৰাছত কৰা উক্ত অধ্যয়নটোৰ পৰা এই বুলি মত প্ৰকাশ কৰে যে শিশুক প্ৰকৃততে পাঠ্যপুথিৰ লগতে ডিজিটেল-উভয় ধৰণৰ শিক্ষণ প্ৰণালীৰে শিক্ষা দিয়া উচিত৷ কিন্তু ইয়াৰ লগতে গৱেষকসকলে এই মতো প্ৰকাশ কৰে যে শিশুৱে কোনো এটা কথা স্থায়ীভাৱে মনত ৰাখিবলৈ হ’লে পঢ়া আৰু লিখা দুয়োটাই কৰিব লাগে৷ ইয়াৰ কাৰণ হ’ল লিখাৰ সময়ত মগজু অধিক সক্ৰিয় হৈ পৰে৷ ইয়াৰ বিপৰীতে কম্পিউটাৰত টাইপ কৰাৰ সময়ত মগজু কম সক্ৰিয় হৈ থাকে৷ সেয়েহে, হাতেৰে লিখা কথাৰ স্মৃতি অধিক সজীৱ হৈ থাকে৷