অধ্যয়নৰ তথ্য : হিমালয়ত নোহোৱা হ’ব আধাখিনি হিমবাহ

0
172


জলবায়ু পৰিৱৰ্তন তথা উষ্ণতা বৃদ্ধিয়ে কেৱল সমুদ্ৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিয়েই কৰা নাই, পৰ্বতৰ ওপৰত থকা হিমবাহসমূহকো প্ৰভাৱিত কৰিছে৷ বৰফেৰে আবৃত অঞ্চলত থকা হ্ৰদসমূহৰ আকাৰো বৃদ্ধি পাইছে, যিটো ভাল দিশ নহয়৷ এটা নতুন অধ্যয়নৰ পৰা এই কথা জানিব পৰা গৈছে৷ এই অধ্যয়নটো কৰা হৈছিল হিমালয় পৰ্বতমালা আৰু দীৰ্ঘদিন ধৰি হোৱা বতৰৰ পৰিৱৰ্তনক লৈ৷ ইয়াৰ পৰা লাভ কৰা তথ্য অনুসৰি ২১০০ চনলৈ বিশ্বৰ পৰা প্ৰায় ৪০ শতাংশ হিমবাহ নোহোৱা হৈ যাব৷ গৱেষকসকলে এই অধ্যয়নটোৰ পৰা কিমান ডিগ্ৰী উষ্ণতা বৃদ্ধি পালে কেনেধৰণৰ প্ৰভাৱ দেখিবলৈ পোৱা যাব, সেই বিষয়ে অনুমান কৰে৷ তেওঁলোকৰ মতে, উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ অঞ্চল বিশেষতে আবদ্ধ হৈ নাথাকে, আনকি জনবসতিহীন অঞ্চলতো ইয়াৰ প্ৰভাৱ পৰিব৷ কাৰনেগী মেনন বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ডেভিদ ৰাউন্সৰ নেতৃত্বত গৱেষকৰ দল এটাই কৰা অধ্যয়নৰ পৰা সমগ্ৰ বিশ্বতে হিমবাহ গলাৰ সম্পৰ্কত পূৰ্বানুমান কৰিছিল৷ গৱেষকসকলে ২০১৩-১৭ সময়ছোৱাত হিমালয়ৰ ইমজা-লোহৎছে শ্বাৰ হিমবাহ অধ্যয়ন কৰিছিল৷ তেওঁলোকে অধ্যয়নটোৰ পৰা জানিব পৰা মতে, বিশ্বত জলবায়ু পৰিৱৰ্তনৰ ফলত হিমবাহ দ্ৰুতগতিত হ্ৰাস পাবলৈ ধৰিছে আৰু একে সময়তে হ্ৰদসমূহৰ আকাৰ বৃদ্ধি পাবলৈ ধৰিছে৷ তেওঁলোকে কৰা অধ্যয়নটোৰ পৰা জানিব পৰা মতে পৃথিৱীৰ উষ্ণতা মাত্ৰ ১.৫ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পালে বিশ্বৰ পৰা আধাখিনি হিমবাহ নোহোৱা হৈ পৰিব৷ ইয়াৰ লগতে মহাসাগৰৰ জলপৃষ্ঠ ৯ চেণ্টিমিটাৰ বৃদ্ধি পাব৷ ৰাউন্সৰ মতে বিশ্বৰ উষ্ণতা বৃদ্ধি পোৱাৰ ফলত হিমবাহসমূহৰ ক্ষতি হোৱাটো নিশ্চিত৷ তেওঁলোকে বিশ্বৰ প্ৰায় ২ লাখ ১৫ হাজাৰ হিমবাহ কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে লাভ কৰা ফটোৰ সহায়ত অধ্যয়ন কৰিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here