অধিক শকত কঁকালৰ লোকৰহৃদৰোগৰ আশংকা বেছি

0
543


মানুহৰ হৃদৰোগ হোৱাৰ আশংকাৰ সৈতে কঁকালৰ জোখৰ সম্পৰ্ক আছে৷ এই কথা প্ৰকাশ কৰিছে ব্ৰিটিছ হাৰ্ট ফাউণ্ডেশ্যনে৷ ব্ৰিটিছ হাৰ্ট ফেডাৰেশ্যনে এনেকুৱা এক সহজ পৰীক্ষাৰ আগবঢ়াইছে, যাৰ জৰিয়তে কোনো লোকৰ হৃদৰোগ হোৱাৰ আশংকা আছে নে নাই সেই বিষয়ে জানিব পৰা যাব৷ ফেডাৰেশ্যনৰ মতে, এই কথা নিৰ্ভৰ কৰে ককাঁলৰ জোখৰ ওপৰত৷ কঁকাল অধিক শকত হোৱা মানে মেদবহুলতা৷ মেদবহুলতাই প্ৰকৃততে হৃদৰোগ আৰু বহুমূত্ৰ ৰোগৰ আশংকা বৃদ্ধি কৰে৷ মানুহৰ বডী মাছ ইনডেক্সে [বি এম আই] ওজন অধিক হৈছে নে নাই সেইটো নিৰ্ধাৰণ কৰে৷ সাধাৰণতে বি এম আই ২৫ বা তাতকৈ অধিক হ’লে ওজন অধিক বুলি ধৰা হয় আৰু ৩০ বা তাতকৈ অধিক হ’লে মেদবহুলতাৰ চিকাৰ হোৱা বুলি কোৱা হয়৷ কিন্তু বি এম আই হৃদৰোগৰ আশংকা হ্ৰাস কৰাৰ একমাত্ৰ উপায় নহয়৷ ফাউণ্ডেশ্যনৰ মতে কোনো পুৰুষৰ কঁকালৰ জোখ ৯৪ চেণ্টিমিটাৰ বা ৩৭ ইঞ্চিতকৈ অধিক হ’লে আৰু মহিলাৰ ৮০ চেণ্টিমিটাৰ বা ৩১.৫ ইঞ্চিতকৈ অধিক হ’লে হৃদৰোগ হোৱাৰ আশংকা থাকে৷ কঁকালৰ জোখোতে টেপ সদায় নাভিৰ তলত ৰাখিব লাগে আৰু সেই সময়ত কাপোৰ পৰিধান কৰি থাকিব নালাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here