অদৃশ্য হোৱাৰ পোছাক আৱিষ্কাৰ বিজ্ঞানীৰ : ক’ত?

0
14

বিজ্ঞান কল্পকাহিনীসমূহ বাস্তৱত পৰিণত হোৱাৰ সময় আহি পৰিছে৷ হেৰী পটাৰৰ চিনেমাৰ পৰা অনুপ্ৰাণিত হৈ চীন দেশে প্ৰথমবাৰৰ বাবে অদৃশ্য হোৱাৰ পোছাক তৈয়াৰ কৰিছে৷ এই পোছাকে কেৱল মাত্ৰ বস্তুবোৰকে গোপন বা নোহোৱা কৰিব পৰাই নহয়, বৰং এনে এক সম্ভাৱনাও প্ৰকাশ কৰিছে যে আমাৰ চিন্তা-ভাবনাকো সলনি কৰি দিব পাৰে৷ চীনা গৱেষকে এনে একধৰণৰ কেমুফ্লেজ পদাৰ্থ প্ৰস্তুত কৰিছে, যাৰ জৰিয়তে আণৱিক গঠনৰ পৰিৱৰ্তন কৰি পৰিৱেশৰ সৈতে মিহলাই দিব পাৰে, যি সম্ভৱতঃ এই পোছাক পৰিধান কৰা ব্যক্তিজনক অদৃশ্য কৰি দিব পাৰে৷ উল্লেখ্য যে চীনে বিগত মাহত তেওঁলোকে উন্নত ক্লোকিং প্ৰযুক্তি ছায়েন্স এডভাঞ্চ জাৰ্নালে এই কথা বৰ্ণনা কৰিছে৷ এই ধাৰণাটো আহিছে চামেলিয়ন আৰু অক্টোপাছৰ কেমুফ্লেজৰ দৰে প্ৰক্ৰিয়াৰ পৰা৷ গৱেষকে দাবী কৰিছে যে তেওঁলোকে অদৃশ্যতা প্ৰস্তুত কৰিছে স্ব-অধিকাৰী ফটোক্ৰোমিজম ব্যৱহাৰৰ জৰিয়তে৷ এই প্ৰক্ৰিয়াত যেতিয়া পদাৰ্থটো নিৰ্দিষ্ট ধৰণৰ পোহৰ প্ৰবাহিত হৈ যায়, ইয়াৰ ফলত তাত ৰঙৰ পৰিৱৰ্তন কৰি অদৃশ্য হৈ পৰে৷ এই সমগ্ৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ উন্নত মেটামেটেৰিয়াল ব্যৱহাৰ কৰা হয়৷ এই প্ৰযুক্তি যদি কাপোৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়, তেনেহ’লে এজন ব্যক্তিক কাৰ্যকৰীভাৱে অদৃশ্য কৰি দিব পাৰে৷ এই সম্পূৰ্ণ প্ৰক্ৰিয়া বা ধাৰণাটো প্ৰযুক্তিগত তথা যাদুকৰী বুলি ভাবিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here