অত্যন্ত মূৰৰ বিষ নিৰাময়ৰ বাবে এইকেইটা টিপ্‌ছ

0
49

মূৰৰ বিষ– প্ৰত্যেক মানুহৰে হোৱা এটা সাধাৰণ সমস্যা৷ পিছে এই মূৰৰ বিষে কেতিয়াবা এনে অৱস্থা পায় যে ইয়াক সহ্য কৰা একেবাৰে কঠিন হৈ পৰে৷ মূৰৰ বিষ উঠিলে সাধাৰণতে আমি বাম লগাওঁ৷ কিন্তু মূৰৰ বিষ উঠাৰ সময়ত যদি আপোনাৰ ওচৰত বাম নাথাকে, তেন্তে কি কৰিব?
এটা পাত্ৰত লং গৰম কৰি লৈ সেইখিনি এখন পাতল ৰুমালত বান্ধি শুঙিলে মূৰৰ বিষ ভাল হয়৷
আদা দুচকল মুখত দিলেও মূৰৰ বিষ কমে৷
কেতিয়াবা বদহজমৰ কাৰণেও মূৰ বিষায়৷ এনে সময়ত অলপ পানী গৰম কৰি খালে মূৰৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি৷
বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰ মাজত কিছু সময় চেপি ধৰিলে ই যথেষ্ট পৰিমাণে সকাহ দিয়াব পাৰে৷
ঠাণ্ডা বা গৰম চাপ কপালত দিলেও মূৰৰ বিষ কমে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here