কাণত হেডফোন লৈ লেখা-মিলা কৰাৰ অভ্যাস আছে বহুতৰে৷ আনহাতে বহুতেই দিনৰ দিনতো হেডফোন লগাই মোবাইল ব্যস্ত থাকে, কিছুমানে আকৌ হেডফোন লগাই গান শুনি সময় কটায়৷ এতিয়া কথা হ’লে এনেকৈ দিনটো কাণত হেডফোন লগাই কথা পতা, গান শুনা অথবা আন কৰা উচিতনে? এই ক্ষেত্ৰত হেডফোনৰ উচ্ছ ভলিউম কমাই ৰাখে৷ সেয়াই এক নিৰাপদ৷ উচ্ছস্বৰৰ শ্ৰৱণ স্বাস্থ্যৰ পক্ষে ক্ষতিকৰ৷ ঘণ্টাৰ পাছত ঘণ্টা উচ্ছ মাত্ৰাত হেডফোনত শুনাটো একেবাৰে নিৰাপদ নহয়৷ অতিৰিক্ত শব্দ আনকি হেডফোন বহুসময় ব্যৱহাৰ কৰিলেও কাণৰ ভিতৰৰ সূক্ষ্ম অংশত আঘাত কৰি থাকে৷ ইয়াৰ ফলত শ্ৰৱণ যন্ত্ৰৰ পাৰ্টবোলে ক্ষতি কৰিব পাৰে৷ যাৰ ফলত স্থায়ীভাৱে শ্ৰৱণশক্তি হ্ৰাস পাব পাৰে৷ উচ্ছ ভলিউমত দীৰ্ঘদিন হেডফোন ব্যৱহাৰ কৰিলে টিনিটাছ হ’ব পাৰে৷ শৈশৱ আৰু কৈশোৰৰ শ্ৰৱণ শক্তিৰ সমস্যা গুৰুতৰ হ’ব পাৰে৷ আনহাতে কাণক জিৰনি দিয়াৰ বাবে এয়াৰফোনৰ ব্যৱহাৰৰ পৰা বিৰত থাকক৷ যদি সম্ভৱ হয় তেনেহ’লে স্পিকাৰ বা আন পদ্ধতি ব্যৱহাৰ কৰি হেডফোন ব্যৱহাৰ কৰা উচিত৷