বিভিন্ন কাৰণত মাজে-সময়ে আমাৰ মন বেয়া লাগি থাকে৷ অফিচ-কাছাৰীৰ কাম, ঘৰুৱা বা পঢ়া-শুনা, পাৰিবাৰিক সমস্যা আদিয়ে মনটোক জুমুৰি দি ধৰে৷ এইদৰে মানসিক চাপে আমাৰ মন আৰু শৰীৰ ভাৰাক্ৰান্ত কৰি তোলে৷ এনে সময়ত ভাৰাক্ৰান্ত মনত সজীৱ তথা উৎফুল্ল কৰিবলৈ খোৱাৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন কৰিব পাৰে৷ বিভিন্ন ধৰণৰ খাদ্যত এনে উপাদান পোৱা যায়, যিয়ে মন বেয়া লগা, বা ভাৰাক্ৰান্ত মনক সজীৱ কৰিব পাৰে৷
শৰীৰ নিৰোগী আৰু মন ভাল ৰখাৰ বাবে মৌ কাৰ্যকৰী৷ মৌৰ সেৱন কৰিলে মন উৎফুল্লিত কৰি ৰাখে৷ মৌত tryptohan নামৰ এবিধ উপাদান থাকে, যিয়ে ষ্ট্ৰেচ এনজাইটি কমোৱাত সহায় কৰে৷ আনহাতে মৌত প্ৰচুৰ পৰিমাণে পটাচিয়াম পোৱ যায়, যিয়ে মানসিক চাপ কমোৱাত সহায় কৰে৷
কণীত প্ৰচুৰ পৰিমাণে প্ৰ’টিন আৰু এমাইন’ এচিড পোৱা যায়৷ এইবোৰ উপাদানৰ সংমিশ্ৰণত tryptohan নামৰ এবিধ উপাদানবিধৰ সৃষ্টি হয়, যিয়ে আমাৰ মানসিক অৱসাদ, চাপ আদি দূৰ কৰিব পাৰে৷ কণীয়ে মস্তিষ্কক সুস্থ তথা পুষ্টি যোগায় বাবে মনত বেয়া চিন্তাৰ পৰা নিগলাই ৰাখে৷
বিভিন্ন ধৰণৰ বাদামদজাতীয় খাদ্য, ফল-মূল আদি স্বাস্থ্য ৰক্ষাৰ বাবে ভাল৷ বাদামে মস্তিষ্কক অতি প্ৰখৰ কৰে৷ সেয়ে মস্তিষ্কই ষ্ট্ৰেচ, এনজাইটি আদি নিয়ন্ত্ৰণ কৰিব পাৰে৷
হালধিত প্ৰচুৰ পৰিমাণ কাৰকুমিন পোৱা যায়, যি উপাদানে মানসিক চাপ নিয়ন্ত্ৰণত সহায় কৰে৷ হালধিত থকা এণ্টিইনফেলেমেটৰি উপাদানে মগজুৰ ক্ষমতা বৃদ্ধি কৰি সুস্থ আৰু সবল কৰাত সহায় কৰে৷
ডাৰ্ক চকলেটত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিয়ে মানুহৰ ষ্ট্ৰেচ, দুৰ্ভাবনা, দুশ্চিন্তা আদিৰ পৰা আঁতৰাই ৰাখে৷