শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই শৰীৰ ৰোগমুক্ত কৰি ৰখাত ভিটামিনে যথেষ্ট সহায় কৰে৷ আমাৰ শৰীৰত ভিটামিনৰ অভাৱ হ’লে বিভিন্ন সমস্যাই দেখা দিয়ে৷ সেয়েহে শৰীৰৰ শক্তি বৃদ্ধি তথা বিভিন্ন ৰোগ নিৰাময়ৰ বাবে ভিটামিনৰ আৱশ্যক খুবেই জৰুৰী হৈ পৰে৷ আমাৰ শৰীৰৰ বাবে লাগতিয়াল পৰিমাণৰ ভিটামিন খালে সুফল লাভ কৰিব পৰা যায়৷ কিন্তু সেইবুলিয়েই প্ৰয়োজনতকৈ বেছি ভিটামিন সেৱন কৰাটো উচিতনে? এক কথাত মুঠেও নহয়৷ বৰং প্ৰয়োজনতকৈ অতিৰিক্তভাৱে ভিটামিন সেৱন কৰিলে শৰীৰৰ ক্ষতি হোৱাৰ সম্ভাৱনা যথেষ্ট বাঢ়ে৷
আনকি অতিৰিক্তভাৱে ভিটামিন সেৱন কৰিলে অন্ধত্বৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে৷
সাধাৰণতে ভিটামিন দুই ধৰণৰ আছে৷ এক ধৰণৰ ভিটামিন পানীত দ্ৰৱীভূত হয় আৰু আনবিধ ভিটামিন তেল বা চৰ্বিত দ্ৰৱীভূত হয়৷ ভিটামিন-C বা ভিটামিন-B কমপ্লেক্স পানীত দ্ৰৱীভূত হোৱাৰ বিপৰীতে ভিটামিন-A বা ভিটামিন-D তেল বা চৰ্বিত দ্ৰৱীভূত হয়৷ সেয়েহে পানীত দ্ৰৱীভূত হোৱা ভিটামিনসমূহ শৰীৰৰ ভিতৰলৈ বেছিকৈ গ’লে বিশেষ অসুবিধা নহয়৷
কাৰণ এইধৰণে অতিৰিক্তকৈ যোৱা ভিটামিন প্ৰস্ৰাৱৰ লগত শৰীৰৰ বাহিৰলৈ ওলাই আহে৷ কিন্তু তেল বা চৰ্বিত দ্ৰৱীভূত হোৱা ভিটামিন অত্যধিক পৰিমাণে শৰীৰৰ ভিতৰলৈ গ’লে বাহিৰলৈ ওলাব নোৱাৰি ভিতৰতে জমা হৈ থাকে৷ পাছত এনেদৰে অতিৰিক্তভাৱে জমা হোৱা ভিটামিনে আমাৰ বিভিন্ন মাৰাত্মক সমস্যাৰ সৃষ্টি কৰিব পাৰে৷
ভিটামিন-A চকুৰ কাৰণে উত্তম৷ কিন্তু এই ভিটামিনৰ পৰিমাণ প্ৰয়োজনতকৈ বাঢ়ি গ’লে সকলোতকৈ বেছি চকুৰ ক্ষতি সাধন হয়৷ সেইদৰে ভিটামিন-C মাত্ৰাধিক পৰিমাণে খোৱা উচিত নহয়৷ কাৰণ কোনো কোনো ক্ষেত্ৰত প্ৰচুৰ পৰিমাণে ভিটামিন-C খোৱাৰ ফলত কিডনীজনিত সমস্যাই দেখা দিব পাৰে৷