অতিৰিক্ত পৰিশ্ৰমৰ পাছত ক্লান্তি দূৰ কৰিবলৈ পাৰ্শ্ব সুখাসন কৰক

0
14

যোগাসনে আমাৰ তন-মন উৎফুল্ল কৰি ৰখাত সহায় কৰে৷ ঋষি-মুনিসকলৰ দিনৰে পৰা অতি পুৰণি এই যোগ সাধনাই সেই তাহানিৰ পৰাই গুৰত্ব লাভ কৰি আহিছে একমাত্ৰ ইয়াৰ ভাবিব নোৱৰা উপকাৰিতাৰ বাবে৷ বৰ্তমান যোগে সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ মন আৰু শৰীৰৰ যোগাত্মক ফলাফল তথা বিভিন্ন শাৰীৰিক অসুবিধা এই যোগব্যায়ামৰ দ্বাৰা নিৰ্মূল কৰা সম্ভৱ৷ আনহাতে শৰীৰ সুস্থ তথা নিৰোগী কৰি ৰাখিবলৈ চিকিৎসকসকলে এই যোগ ব্যায়াম কৰিবলৈ পৰামৰ্শ দিয়ে৷ সকলোৱে যোগ উপকাৰিতাৰ প্ৰতি লক্ষ্য ৰাখি দিনৰ যিকোনো সময়ত অন্ততঃ আধা ঘণ্টাৰ বাবে হ’লেও সময় উলিয়াই যোগাসন কৰিবলৈ অভ্যাস কৰক আৰু লাভ কৰক ইয়াৰ আচৰিত উপকাৰ৷ শৰীৰৰ বিভিন্ন অংগৰ উপকাৰৰ বাবে অৱশ্যে যোগৰ প্ৰকাৰ ভিন ভিন৷ আমি প্ৰায়েই দিনটোত অত্যধিক পৰিশ্ৰম কৰি অৱশ হৈ পৰে আৰু এটা সময়ত ভাগৰি যাওঁ৷ অত্যধিক পৰিশ্ৰমৰ পাছত শৰীৰৰ ক্লান্তি নোহোৱা কৰিবলৈ জিৰণিৰ লগতে নিয়মিতভাৱে সুখাসনb কৰিলে যথেষ্ট সুফল পাব পাৰে৷ সুখাসন কৰিলে শৰীৰ আৰু¸ মনক পুনৰুজ্জীৱিত কৰি পুনৰ কামৰ প্ৰতি আগ্ৰহ জন্মাব পাৰে৷ এই আসন কৰিলে আপুনি সহজে ভাগৰি নপৰে৷ মন শান্ত কৰি মনৰ জোৰ বঢ়ায় এই আসনে৷ আপোনাৰ ধৈৰ্যশক্তি তথা কামৰ প্ৰতি একাগ্ৰতা বৃদ্ধি কৰিবলৈ পাৰে এই আসন কৰাৰ ফলত৷ মনোযোগ বৃদ্ধি, উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে সুখাসনে৷
কিদৰে কৰিব সুখাসন ঃ- এই আসন কৰিবলৈ অতি সহজ৷ প্ৰথমে আপুনি এখন মেট বা মাটিত ভালদৰে বহি লওক৷ এতিয়া ভৰি দুখন কোঁচ খুৱাই লৈ মেৰুদণ্ডডাল পোন কৰি ৰাখক৷ হাত দুখন ধ্যান মুদ্ৰাত ৰাখি চকু মুদি তাৰ পাছত দীঘল দীঘলকৈ উশাহ লওক আৰু নিশ্বাস এৰি দিব৷ এই সময়ত মুখেৰে ঔম ধবনি উচ্চাৰণ কৰিবও পাৰে৷ এইদৰে দহ-পোন্ধৰ সময় কৰাৰ পাছত জিৰণি লওক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here