অতিৰিক্ত প্ৰ’টিন সেৱনে কৰিব পাৰে মাৰাত্মক ক্ষতি

0
73

শৰীৰ সুস্থ ৰখাৰ কাৰণে খাদ্যাভ্যাস অত্যন্ত গুৰুত্বপূৰ্ণ কথা৷ ভুলভাৱে খাদ্য গ্ৰহণ কৰিলে বিভিন্ন ধৰণৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়৷ অৰ্থাৎ খাদ্যাভ্যাস ঠিক-ঠাক নাথাকিলে সৰু-সুৰা ৰোগৰ লগতে কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগেও দেখা দিব পাৰে৷ সেয়ে খাদ্য ৰুটিন মানি স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰি খাদ্যাভ্যাসৰ ভাৰসাম্য বজাই ৰখা দৰকাৰ৷ সাম্প্ৰতিক এক গৱেষণাত কোৱা হৈছে যে দৈনিক আমি যিবোৰ খাদ্য স্বাস্থ্যকৰ বুলি ভাবি ডায়েট প্লান মতে খাওঁ, সেইবোৰ খাদ্যই প্ৰষ্টেট কেঞ্চাৰৰ সম্ভাৱনা ৭০ শতাংশ বঢ়াই দিব পাৰে৷ বিভিন্ন গৱেষণাই কৈছে যে কেঞ্চাৰৰ প্ৰতিৰোধত সকলোতকৈ ডাঙৰ ভূমিকা পালন কৰে স্বাস্থ্যকৰ খাদ্যত পোৱা পুষ্টিকৰ উপাদান কোলিনে৷ আৰু এই কোলিন পৰ্যাপ্ত পৰিমাণে শৰীৰত প্ৰৱেশ নকৰিলে বিভিন্ন ধৰণৰ ঘাতক ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা কেইবাগুণো বাঢ়ি যায়৷ সেয়ে এই নিউট্ৰিয়েণ্ট অতিৰিক্ত বা খুব বেছি পৰিমাণে শৰীৰত প্ৰৱেশ কৰিলে ক্ষতিকৰ৷ অতিৰিক্ত পৰিমাণে এই নিফট্ৰিয়েণ্টে লিথাল প্ৰষ্টেট কেঞ্চাৰৰ সম্ভাৱনা ৭০ শতাংশ পৰ্যন্ত বঢ়াই দিয়ে৷ গৱেষণাত দেখা গৈছে যে প্ৰষ্টেট কেঞ্চাৰৰ চেল তথা তেজৰ কনছেণ্ট্ৰেশ্যনৰ মাজত কোলিন পোৱা গৈছে৷ কোলিন অত্যন্ত প্ৰয়োজনীয় নিফট্ৰিয়েণ্ট৷ মস্তিষ্কৰ বিকাশ তথা জিনৰ অভিব্যক্তি নিয়ন্ত্ৰণত ই সহায় কৰে৷ বিশেষজ্ঞৰ পৰামৰ্শ মতে এজন প্ৰাপ্তবয়স্ক লোকে প্ৰতিদিনে ৪৫০ মিলিগ্ৰাম কোলিন গ্ৰহণ কৰা উচিত৷ এটা কণীত ১৫০ গ্ৰামৰ কম কোলিন থাকে৷ কোলিন সমৃদ্ধ খাদ্যৰ তালিকাত কণী, মাছ, ৰঙা আলু, মুৰ্গীৰ মাংস, আলমণ্ড, কিনোৱা, ৰাজমা, ফুলকবি, ছয়াবিন, ব্ৰকলি আদি আছে৷ অৱশ্যে সীমিত পৰিমাণেহে খোৱা উচিত৷ নিৰ্দিষ্ট তথা সীমিত পৰিমাণে কোলিন সমৃদ্ধ খাদ্য খালে প্ৰষ্টেট কেঞ্চাৰৰ সম্ভাৱনা কমি থাকে৷ অকল এয়েই নহয়, কিছু স্বাস্থ্যকৰ অভ্যাসৰ মাধ্যমেৰে তথা জীৱনযাত্ৰাৰ পৰিৱৰ্তন ঘটালেও ইয়াৰ সম্ভাৱনা কম হয়৷ সেয়ে শৰীৰৰ বাবে প্ৰয়োজনীয় প্ৰ’টিনহে গ্ৰহণ কৰা উচিত ইয়াৰ অন্যথা শৰীৰৰ অপকাৰ হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here