অতিৰিক্ত চেনি খোৱাটো ধূমপানৰ সমান

0
1517

আমি সকলোৱে জানো ধূমপান আমাৰ শৰীৰৰ বাবে অত্যন্ত অনিষ্টকাৰী৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে অতিৰিক্ত চেনি সেৱন কৰাটোও ধূমপানৰ সমানে শৰীৰৰ বাবে অনিষ্টকৰ৷ গৱেষণাৰ পৰা জনা গৈছে যে ধূমপান সেৱনৰ ফলত কেঞ্চাৰ, , হৃদৰোগ, ষ্ট্ৰ’ক আদি ভয়াৱহ ৰোগ হ’ব পাৰে। একেদৰে অতিৰিক্ত চেনি সেৱনৰ ফলতো এনেধৰণৰ ৰোগ হ’ব পাৰে৷ অতিৰিক্ত চেনি শৰীৰৰ বাবে হৈছে ‘নীৰৱ ঘাটক’৷ ইয়াৰ অনিষ্টকাৰী কাৰকবোৰ যিহেতু দেখা নাযায় বা নিৰ্দিষ্ট পৰিমাণত আমি ইয়াক সেৱন কৰিব নোৱাৰোঁ, সেয়ে ইয়াৰ পৰিমাণ বেছি হ’লে শৰীৰৰ ডায়েবেটিছকে ধৰি বহুতো ৰোগৰ সৃষ্টিৰ কাৰক হ’ব পাৰে৷ ২০১৬ চনত ‘নিউট্ৰিয়েনচ’ নামৰ জাৰ্নেল এখন প্ৰকাশিত এক তথ্যৰ পৰা জানিব পৰা মতে অতিৰিক্ত চেনি খালে আমাৰ শৰীৰত কাৰ্ডিঅ’ভাস্কুলাৰ, ওজন বৃদ্ধি, ফেটি লিভাৰ, সংজ্ঞাহীনতা ৰোগ আনকি কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগো হ’ব পাৰে৷ সেয়েহে অতিৰিক্ত চেনি খোৱাটো আমাৰ শৰীৰৰ বাবে অতি মাৰাত্মক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here