অতিৰিক্তকৈ পকা কল খোৱাটো স্বাস্থ্যকৰনে ?

0
104

বজাৰত সতেজ, মঙহাল কল দেখিলে ৰ’ব নোৱাৰি ডজন হিচাপত কল কিনা যায৷ কিন্তু বজাৰৰ পৰা কিনা এই সতেজ, তজবজীয়া কল এটা দিনৰ পাছতে ক’লা পৰি মজি যায়৷ ইয়াৰ ৰং হালধীয়াৰ পৰিৱৰ্তে ক’লা দাগ পৰিবলৈ ধৰে আৰু পচি যাব আৰম্ভ কৰে৷ এইধৰণৰ কল কোনেও খাবলৈ নিবিচাৰে আৰু পেলাই দিবলগীয়া হয়৷ বহুতেই আকৌ এই কল পেলাই দিয়াৰ সলনি আটা বা ময়দা মিহলাই পিঠা বনাই খায়৷ কিন্তু এইদৰে এৰাতিতে ক’লা পৰি যোৱা কল খোৱাটো স্বাস্থ্যসন্মত হয়নে? অথবা এইধৰণৰ কল খালে শৰীৰৰ অনিষ্ট সাধন হয় নেকি? এই সম্পৰ্কে চিকিৎসকে কি কয় জানো আহক৷
কলত পটাচিয়াম, ফাইবাৰ, বিভিন্ন ধৰণৰ ভিটামিন তথা এণ্টিঅক্সিডেণ্ট থাকে৷ তৎসত্ত্বেও সজীৱ কল খোৱৰ সলনি মজা বা ক’লা পৰি যোৱা কল খালে শৰীৰৰ অনিষ্ট হ’ব পাৰে৷ আনহাতে কল বেছি পৰি গ’লে ইয়াৰ মিঠাৰ পৰিমাণ বৃদ্ধি হয় বাবে বহুতেই সেই সময়ত খাবলৈ পচন্দ কৰে যদিও স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক৷ কল বেছি পকি হ’লে ইয়াৰ ষ্টাৰ্চ ভাঙিবলৈ আৰম্ভ কৰে আৰু চেনিলৈ ৰূপান্তৰিত হয়৷ সাধাৰণ হালধীয়া কলৰ তুলনাত বেছি পকা কলত প্ৰায় তিনি গ্ৰাম চেনি থাকে৷ এই কল খোৱাৰ ফলত ৰক্ত শৰ্কৰাৰ পৰিমাণ বাঢ়ি যায়৷ ইয়াৰ উপৰি বেছি পকা কলত ফাইবাৰৰ পৰিমাণ কমকৈ থাকে৷ যি স্বাস্থ্যৰ বাবে উপযোগী নহয়৷ আনহাতে কল পচনশীল খাদ্য৷ অতিৰিক্ত পকি যোৱাৰ ফলত ইয়াত ভেঁকুৰে আক্ৰমণ কৰিব পাৰে৷ যাক আমি খালী চকুৰে দেখা নাপাওঁ৷ এইধৰণৰ কল খোৱাৰ ফলত পেটৰ বিভিন্ন সমস্যাই দেখা দিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here