অজানিতে মনত বাস ল’ব পাৰে অৱসাদে এই লক্ষণবোৰৰ পৰা সতৰ্ক হওক

0
12

অৱসাদত আক্ৰান্ত হ’লে বহু সময়ত জনাৰ ক্ষেত্ৰত অসুবিধা হয়৷ যাৰ ফলত এই সমস্যাটো ক্ৰমে বাঢ়ি গৈ থাকে৷ মূল কথাটো মানুহ যিকোনো সময়তে অৱসাদত আক্ৰান্ত হ’ব পাৰে৷ এই পাঁচটা অজানা লক্ষণৰ জৰিয়তে অৱসাদ আক্ৰান্ত হোৱাৰ ইংগিত পোৱা যায়৷
অৱসাদৰ সৈতে শাৰীৰিক ব্যথা বা বেদনাৰ যোগসূত্ৰ আছে৷ ‘পেন’ জাৰ্নালত এক গৱেষণা পত্ৰত দাবী কৰা হৈছে যে ব্যক্তি অৱসাদত আক্ৰান্ত হ’লে তেতিয়া তেওঁ গভীৰভাৱে ব্যথা অনুভৱ কৰিব পাৰে৷ এই গৱেষণাত অংশগ্ৰহণকাৰীৰ মাজৰ ৫৬ শতাংশ অৱসাদত আক্ৰান্ত ব্যক্তিয়ে জনাইছে যে তেওঁলোকে তীব্ৰ ব্যথা-বেদনা অনুভৱ কৰে৷ কিন্তু যিসকলৰ অৱসাদ নাছিল, তেওঁলোকৰ মাজৰ মাত্ৰ সোতৰ শতাংশইহে ব্যথা অনুভৱ কৰে৷
দেহৰ ওজনৰ সৈতে কোনো কোনো ক্ষেত্ৰত অৱসাদৰ সম্পৰ্ক আছে৷ কোনো ব্যক্তি অৱসাদত আক্ৰান্ত হ’লে তেওঁৰ শাৰীৰিক ওজন বৃদ্ধি পাব পাৰে৷ সেয়ে দেহৰ ওজন সকলো সময়তে নিয়ন্ত্ৰণত ৰখা ভাল৷
মনৰ মাজত নেতিবাচক চিন্তা, উৎকণ্ঠা বাঢ়িলে বহু সময়ত ইয়াৰ বহিঃপ্ৰকাশ খঙৰ মাধ্যমেৰে হ’ব পাৰে৷ সেয়ে কাৰো ক্ষেত্ৰত যদি সঘনাই বা অনৱৰতে খং উঠি থাকে, বা ৰাগিয়াল হয় তেনেহ’লে সতৰ্ক হোৱা উচিত৷ অথবা সঘনাই মুড চুইং হ’লেও বু্‌জিব যে তেওঁ অৱসাদত আক্ৰান্ত হৈছে৷
মদ্যপান কৰাটো বহুতৰে অভ্যাসত পৰিণত হয়৷ দৈনিক ক্লান্তি আৰু উদ্বেগ আদিৰ পৰা স্নায়ুক শিথিল কৰে মদ্যপানে৷ কিন্তু মাত্ৰাধিক মাত্ৰাত মদ্যপানে অৱসাদ বঢ়াইহে দিয়ে৷ আনহাতে কোনো ব্যক্তি মানসিক অৱসাদত ভুগিলে বেছিকৈয়ে মদ্যপান কৰে৷ এই ক্ষেত্ৰত নিজকে শান্ত কৰি সতৰ্ক হোৱা ভাল৷
ছায়েন্স ডিৰেক্ট জাৰ্নালত প্ৰকাশিত এক সমীক্ষাত দাবী কৰা হৈছে যে যিসকলে অৱসাদত আক্ৰান্ত, তেওঁলোকে বেছি সময়ত ইণ্টাৰনেটৰ প্ৰতি আসক্ত৷ তেনে লোকে ইণ্টাৰনেটৰ বহু সময় অপব্যয় কৰে৷ সেয়ে অত্যধিক সামাজিক মাধ্যম ব্যৱহাৰ কৰিলে অৱসাদত আক্ৰান্ত হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here