অকালতে চুলি পকা কিদৰে ৰুধিব?

0
1929

বৃদ্ধাৱস্থাত চুলি পকাটো কোনো নতুন কথা নহয়, কিন্তু অকালতে চুলি পকাৰ সমস্যাই যুৱ প্ৰজন্মৰ মাজত এক গুৰুতৰ সমস্যাৰূপে দেখা দিছে৷ যিহেতু কিচকিচিয়া ক’লা চুলিটাৰিয়েই আমাৰ সৌন্দৰ্যবৰ্ধনৰ মুখ্য কেন্দ্ৰবিন্দু৷ গতিকে চুলিকোছাক সযতনে ৰখাটো খুবেই দৰকাৰী৷ সাধাৰণতে সঘনাই কেমিকেলযুক্ত ছেম্পুৰে মূৰ ধোৱাৰ ফলতো চুলি পকা দেখা যায়৷ তাৰ উপৰি চুলিত তেল নলগালেও চুলি পকিবলৈ আৰম্ভ কৰে৷ শৰীৰত আয়ডিনৰ অভাৱ, এনিমিয়া, অত্যধিক চিন্তা, মানসিক চাপ আদিৰ ফলতো চুলি পকা আৰম্ভ হয়৷ ইয়াৰ প্ৰতিকাৰস্বৰূপে অলপ মেথিগুটি এৰাতি পানীত তিয়াই ৰাখি, পিছদিনা পিহি লৈ তাত নাৰিকল তেল মিহলি কৰিব লাগে৷ এই মিশ্ৰণখিনি মূৰত লগাই মালিচ কৰি আধা ঘণ্টামান পাছত পৰিষ্কাৰ পানীৰে ধুই ল’ব লাগে৷ তিলৰ তেল চুলিত লগোৱাৰ উপৰি তিল নিয়মীয়াকৈ খালে চুলি ক’লা হোৱাৰ উপৰি দীঘল আৰু উজ্জ্বলতা বাঢ়ে৷ ৰঙা জবাফুল আৰু আমলখিৰ মিশ্ৰণ লেপন দিলেও চুলি ক’লা আৰু ঘন হয়৷ অপৰাজিতাৰ ফুল এৰী তেলৰ লগত সিজাই মূৰত ঘঁহিলে চুলি ক’লা হয়৷ জেতুকাৰ পাত আৰু আমলখি গৰুৰ গাখীৰৰ লগত মিহলাই চুলিত লগালে পকা চুলি ক’লা হয়৷ মহাভৃংগৰাজৰ পাত, ত্ৰিফলা আৰু কৰবীৰ পাত একেলগে গুৰি কৰি পানীত সিজাই লৈ ভালদৰে চুলিত প্ৰলেপ দিলে চুলি ক’লা হয়৷ এটা পিঁয়াজ কাটি চুলিত সানিলে চুলি সৰা বন্ধ হোৱাৰ লগতে চুলি ক’লা হয়৷ দৈৰ সৈতে জেতুকা পাতৰ ৰসৰ মিশ্ৰণ লগালেও চুলি ক’লা হয়৷ এনেদৰে বিভিন্ন ধৰণে ঘৰুৱাভাৱে যতন লৈ আমাৰ চুলিকোছা কিচকিচিয়া ক’লা কৰাৰ লগতে বিভিন্ন সমস্যাৰ পৰা বচাই ৰাখিব পাৰোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here